NORTHEAST NOW (Assamese)
অসম

ট্ৰাম্প বিৰোধী মঞ্চত জিনপিং-মোডী-কিম-পুটিন; আমেৰিকালৈ কি বাৰ্তা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 28, 2025 4:05 pm

চাৰিখন পাৰমাণৱিক শক্তিধৰ দেশ ভাৰত, চীন, উত্তৰ কোৰিয়া আৰু ৰাছিয়া একে মঞ্চত। এছিয়া আৰু ইউৰোপৰ পাৰমাণৱিক শক্তিধৰ দেশকেইখন আমেৰিকাৰ চাপত একত্ৰিত হৈছে। অহা সপ্তাহত চীনৰ টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া নিৰাপত্তা সন্মিলনত একেখন মঞ্চত উপস্থিত থাকিব ছি জিনপিং, ভ্লাদিমিৰ পুটিন আৰু নৰেন্দ্ৰ মোডী।

কমিউনিষ্ট চীন আৰু উত্তৰ কোৰিয়াৰ সৈতে ভাৰতৰ শেহতীয়া কূটনৈতিক ঘনিষ্ঠতা আৰু অধিক বৃদ্ধি পাইছে। আনহাতে, পূৰ্বৰ কমিউনিষ্ট ছোভিয়েট যুগৰ ব্যক্তিত্ব, এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মোদীৰ ভাল সম্পৰ্ক আছে, ।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ২৩ অক্টোবৰত ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং একেখন মঞ্চত আছিল। এইবাৰ চীনৰ মঞ্চত অতিৰিক্ত মুখখন হৈছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উন।

বিশ্লেষণসমূহত কোৱা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অতিৰিক্ত শুল্ক আৰোপ কৰি বিশ্ব বাণিজ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কাৰ্য্যকলাপৰ মাজতে তেওঁলোকে একত্ৰিত হৈ শক্তি প্ৰদৰ্শন কৰিছে।

চীনৰ উত্তৰ বন্দৰ চহৰ টিয়ানজিনত অহা ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ আঞ্চলিক নিৰাপত্তা সন্মিলন অনুষ্ঠিত হ’ব।

ছাংহাই সহযোগিতা সংস্থাৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হ’ব। ৰাছিয়া, ভাৰত আৰু চীনৰ উপৰিও মধ্য এছিয়া, মধ্যপ্ৰাচ্য, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ আন ২০ খনতকৈও অধিক দেশৰ নেতাই ইয়াত অংশগ্ৰহণ কৰিব।

সংবাদ সংস্থাৰ বাতিৰত কোৱা হৈছে যে একেখন মঞ্চত জিনপিং, কিম, পুটিন আৰু মোডীৰ উপস্থিতি শুল্ক সন্দৰ্ভত ট্ৰাম্পৰ নীতিৰ বিৰোধিতাৰ পৰা আৰম্ভ কৰি অৰ্থনীতি, নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত দক্ষিণৰ দেশসমূহৰ শক্তিশালী সংহতিৰ বাৰ্তা কঢ়িয়াব।

ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰায় সাত বছৰৰ মূৰত চীন ভ্ৰমণ কৰিব। ২০২০ চনত সীমান্ত সংঘৰ্ষৰ পিছৰে পৰা দুয়োখন দেশৰ মাজত সম্পৰ্ক উত্তেজনাপূৰ্ণ হৈ আছিল। কিন্তু শেহতীয়াভাৱে উত্তেজনা হ্ৰাস কৰাৰ পদক্ষেপ লোৱাৰ বাবে এই ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে।

পৰ্যবেক্ষকৰ মতে, জিনপিং-মোডীৰ বৈঠকে সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰ, বাণিজ্যিক ৰেহাই আৰু ভিছাৰ সুবিধা প্ৰদান আদিৰ দৰে ঘোষণাৰ বাট মুকলি কৰিব পাৰে।