NORTHEAST NOW (Assamese)
অসম

জগৰ লগালে অজগৰে! প্ৰকৃতিপ্ৰেমী যুৱকে ধৰি মুকলি কৰি দিলে বনাঞ্চলত

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 6, 2019 5:37 pm
জগৰ লগালে অজগৰে! প্ৰকৃতিপ্ৰেমী যুৱকে ধৰি মুকলি কৰি দিলে বনাঞ্চলত

কলিয়াবৰত আজি এডাল ৮ ফুট দৈৰ্ঘৰ প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ হয়।

ঘটনাৰ বিৱৰণি মতে কলিয়াবৰৰ শিলঘাটস্থিত কলিয়াবৰৰ চাহ বাগিচাৰ এখন এল পি স্কুলৰ সন্মুখত থকা এটা নলাত প্ৰথম অৱস্থাত কেইটামান শিশুৱে অজগৰটো দেখা পায়।

ফলত স্থানীয় লোকে শিলঘাটৰ সকলোৰে পৰিচিত প্ৰকৃতি প্ৰেমী যুৱক মানৱ সঞ্জীৱ ডেকাক খবৰ দিয়ে। সঞ্জীৱ ডেকাই এই কথা জানিব পাৰি উক্ত অঞ্চলত উপস্থিত হৈ ৮ ফুট দৈৰ্ঘৰ অজগৰডাল উদ্ধাৰ কৰে। পিছত প্ৰকৃতিপ্ৰেমী যুৱকজনে অজগৰডাল শিলঘাট বনাঞ্চলত মুকলি কৰি দিয়ে।

প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱে এতিয়া লৈকে ১৬০ ডাল অজগৰ আৰু বিভিন্ন ধৰণৰ মুঠ ২৫০ ৰো অধিক বিষাক্ত সাপ ধৰিছে।

শেহতীয়াকৈ কালি অৰ্থাৎ ৫ জুনত শিলঘাট বন সংমণ্ডলৰ লগত জড়িত হৈ শিলঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচীত ভাগ লৈ সঞ্জীৱে সাপৰ ওপৰত এক সজাগতা শিবিৰ অনুষ্ঠিত কৰে।

এই সজগতা শিবিৰত সঞ্জীৱে ছাত্ৰ-ছাত্ৰীসকলক সাপৰ পৰা কিদৰে নিজকে ৰক্ষা কৰিব পাৰি বা হঠাৎ ঘৰৰ ভিতৰত সাপ সোমালে কি কি ব্যৱস্থা হাতত লৈ সাপ নমৰাকৈ কিদৰে খেদি পঠিয়াব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে বাখ্যা কৰে।