NORTHEAST NOW (Assamese)
অসম

আই পি এলৰ নতুন ছিজনৰ পূৰ্বে বিক্ৰী হৈছে ৰাজস্থান! কিমান দামত জানেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2026 6:58 pm

আই পি এলৰ নতুন ছিজনৰ পূৰ্বে বিক্ৰী হৈছে ৰাজস্থান ৰয়েলছ! কেৱল বিক্ৰী হোৱাই নহয়, সকলো ঠিকে থাকিলে আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী দল হিচাপে বিক্ৰী হোৱাৰ পথত ৰিয়ান পৰাগৰ দলটো।

সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, ইতিমধ্যে এই ফ্ৰেঞ্চাইজি ক্ৰয়ৰ বাবে যথেষ্ট নিবিদা লাভ কৰা হৈছে। নিবিদাকাৰী কোনো বাহিৰৰ লোক নহয়, কাল সোমানি। যিগৰাকী পূৰ্বে ৰাজস্থান ৰয়েলছৰ সৈতে বিনিয়োগকাৰী হিচাপে জড়িত আছিল।

বৰ্তমান এই ফ্ৰেঞ্চাইজিৰ প্ৰায় ৬৫ ​​শতাংশ ইমাৰ্জিং মিডিয়া স্প’ৰ্টিং হোল্ডিংছ লিমিটেডৰ হাতত আছে। ইয়াৰ মালিক মনোজ বাদল। ইয়াৰ উপৰিও লাচলান মাৰ্ডক আৰু ৰেডবাৰ্ড কেপিটেলও অংশীদাৰ। তেওঁলোকৰ হাতত আছে ১৩ আৰু ১৫ শতাংশ শ্বেয়াৰ। জানিব পৰা মতে, সোমানিৰ বাহিৰেও মুঠ চাৰিজন লোকে ৰাজস্থান ক্ৰয়ৰ দৌৰত নামিছে।

তাৰ ভিতৰত সোমানিয়ে ইতিমধ্যে এটা কনচৰ্টিয়াম গঠন কৰিছে। ইয়াৰ উপৰিও তেওঁ ৰাজস্থানক প্ৰায় ১.৩ বিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত ১১,৯৫৬ কোটি) আগবঢ়াইছে। অৱশ্যে এইটোৱে চূড়ান্ত মূল্য এতিয়া ক’ব নোৱাৰি। কাৰণ, অনাগত দিনত মিডিয়া ৰাইটছ বিক্ৰী কৰি উপাৰ্জন কৰা ধনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

সোমানিৰ বাহিৰে বাকী কোন কোন আছে? তালিকাত আছে সত্যন গাজৱানী। তেওঁ টাইমছ ইণ্টাৰনেটৰ অধ্যক্ষ। আন দুটা আগ্ৰহী কোম্পানীৰ নাম হ’ল ব্লেকষ্টোন ইনক আৰু কাৰ্লাইল গ্ৰুপ ইনক।

উল্লেখ্য যে ব্লেকষ্টোনে ইয়াৰ পূৰ্বেও ৰাজস্থান ৰয়েলছ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। ডায়েজিঅ’ই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ২ বিলিয়ন ডলাৰত বিক্ৰী কৰাৰ আশা কৰিছে।

মন কৰিবলগীয়া যে ২০০৮ চনত ৰাজস্থান ৰয়েলছে আই পি এলৰ প্ৰথম সংস্কৰণত চেম্পিয়ন হৈছিল। ২০২২ চনৰ ছিজনত ফাইনেলত প্ৰৱেশ কৰিছিল। অৱশ্যে ফাইনেলত গুজৰাট টাইটানছৰ হাতত ৭ উইকেটত পৰাস্ত হোৱাৰ পিছত তেওঁলোকৰ স্বপ্নভংগ হয়।