NORTHEAST NOW (Assamese)

সাৱধান! সহযাত্ৰীৰ গুলীয়ে অভিজাত ৰাজধানী এক্সপ্ৰেছত প্ৰাণ ল’ব পাৰে আপোনাৰ

August 30, 2018 6:07 pm · অনিৰ্বাণ পাঠক
Updated: August 30, 2018 11:40 pm

আচৰিত নহ’ব, শীত-তাপ নিয়ন্ত্ৰিত অভিজাত ৰাজধানী এক্সপ্ৰেছত আপোনাৰ সহযাত্ৰী হ’ব পাৰে অবৈধ মাৰণাস্ত্ৰধাৰী আৰু এই বেআইনী অস্ত্ৰৰ গুলীয়ে প্ৰাণ ল’ব পাৰে আপোনাৰ!

ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীমুখী ৰাজধানী এক্সপ্ৰেছত ডিমাপুৰৰ পৰা বিনা বাধাই আহি গুৱাহাটী পোৱা অবৈধ মাৰণাস্ত্ৰবাহী দুজন যাত্ৰীৰ গ্ৰেপ্তাৰে সৃষ্টি কৰিছে এই আশংকাৰ।

গুৱাহাটী ৰে’ল ষ্টে’চনত বৃ্হস্পতিবাৰে ৰে’ল আৰক্ষীৰ তালাচীত ধৰা পৰিছে বিহাৰৰ সুমন কুমাৰ (২৬ বছৰীয়া) আৰু বিনীত কুমাৰ (৪০ বছৰীয়া) নামৰ দুজন যাত্ৰী।

ডিমাপুৰত কিনা ১টা .৩২ ৰিভলভাৰৰ লগতে এই দুজন লোকৰ হাতত আছিল ২১ জাঁইকৈ সক্ৰিয় গুলী। তাতোতকৈ আচৰিত কথা তেওঁলোকৰ হাতত আছিল নাগালেণ্ডৰ জুনহেবত’ জিলাৰ উপায়ুক্তই দিয়া অস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

গ্ৰেপ্তাৰ হোৱা লোক দুজন

‘তেওঁলোকৰ পৰা এটা .৩২ ৰিভলভাৰ আৰু ২১ জাঁই সক্ৰিয় গুলী আমি জব্দ কৰিছো। তেওঁলোকে নাগালেণ্ডৰ জুনহেবত’ জিলা উপায়ুক্তৰ পৰা লাভ কৰা এখন মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দেখুৱাইছিল। আমাৰ পৰীক্ষাত অনুজ্ঞাপত্ৰখন ভুৱা বুলি জানিব পৰা গৈছে,’ গুৱাহাটী ৰে’ল ষ্টে’চনৰ ৰে’ল আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

লোক দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৪৬৮, অস্ত্ৰ আইনৰ ২৫ (১ এ’) আৰু ৰে’লৱে’ আইনৰ ১৬৪ ধাৰাত ২৩২/২০১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে|

গুৱাহাটী ৰে’ল ষ্টে’চনত প্ৰায়েই চোৰাং সোণ আৰু ড্ৰাগছৰ দৰে সামগ্ৰী উদ্ধাৰ হৈ থকাৰ ফলত গুৱাহাটী দেশৰ চোৰাং কাৰবাৰৰ কৰিডৰত পৰিণত হোৱা বুলি বিভিন্ন বাতৰি প্ৰকাশিত হৈ আহিছে।

শেহতীয়াকৈ চিৰিয়েল কিলিং আৰু ধৰ্ষণৰ দৰে অসমৰ ইতিহাসত কেতিয়াও নঘটা ঘটনাও ৰে’লত ঘটিছিল।

নিজেই নাৰীজনিত বিতৰ্কৰ মাজত সোমাই পৰা ৰাজ্যিক ৰে’ল মন্ত্ৰী, অসমৰ সাংসদ ৰাজেন গোহাঁইৰ কিবা ভূমিকা আছেনে ৰে’লযাত্ৰীৰ নিৰাপত্তা সুনিশ্চিতকৰণত?

Related News