NORTHEAST NOW (Assamese)

ৰাজেন গোহাঁইৰ গোচৰ যৌন কেলেংকাৰিৰ বাতৰি প্ৰচাৰ কৰা চেনেলৰ বিৰুদ্ধে ||Video||

April 24, 2019 2:27 pm · কল্পজ্যোতি শইকীয়া
Updated: April 24, 2019 3:16 pm

গোচৰীয়াৰ সৈতে বুজাবুজি কৰি যৌন কেলেংকাৰিৰ গোচৰৰ পৰা মুক্তি পালেও ইতিমধ্যে ৰাজনৈতিক কেৰিয়াৰত অপূৰণীয় ক্ষতিৰ সন্মুখীন হোৱা ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ লোকসভা সমষ্টিৰ সাংসদ ৰাজেন গোহাঁই অৱশেষত খৰ্গহস্ত হৈছে সংবাদ মাধ্যমৰ ওপৰত।

মন্ত্ৰীজনে আজি কামৰূপ মহানগৰৰ চি জে এমৰ আদালতত গোচৰ ৰুজু কৰে যৌন কেলেংকাৰিটোৰ বাতৰি প্ৰচাৰ কৰা এটা বাতৰি চেনেলৰ ডি ৱাই থ্ৰী ছিক্স ফাইভৰ বিৰুদ্ধে।

লগতে পঢ়ক ধৰ্ষণৰ গোচৰ ৰুজু হ’ল ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে

গোহাঁইৰ অভিযোগ, বিশেষ অৱস্থাত থকা মহিলা-পুৰুষৰ এখন ফটোৰ সৈতে তেওঁৰ বিৰুদ্ধে যৌন কেলেংকাৰিৰ সত্যতা নথকা বাতৰি প্ৰচাৰ কৰি ভাবমূৰ্তি নষ্ট কৰিছিল বাতৰি চেনেলটোৱে।

“মোৰ ফটো লগাই মই হয় নে নহয় কোনো প্ৰমাণ নোহোৱাকৈ বাতৰি প্ৰচাৰ কৰিছে। ‘সাইলাখ ৰাজেন গোহাঁইৰ নিচিনা’ বুলি তেওঁলোকে নিজৰ ভাষ্যতে কৈছে”, বাতৰিটোৰ সৈতে প্ৰচাৰ কৰা বিশেষ ফটোখন সন্দৰ্ভত ৰাজেন গোহাঁয়ে কয়।

আদালত চৌহদত সংবাদ মাধ্যমৰ আগত মন্তব্য ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ। ২৪ এপ্ৰিল, ২০১৯ত।

নিজৰ অধিবক্তাৰ সৈতে আদালতলৈ অহা গোহাঁয়ে বাতৰিটোক “অত্যন্ত ক্ষতিকৰ, অত্যন্ত মান হানিকৰ” (defamatory)  আখ্যা দি সংবাদ মাধ্যমৰ আগত কয়, “এই নিউজটোৰ বাবেই মই টিকট নাপালো। সামাজিকভাৱে, বন্ধু-বৰ্গৰ মাজত, ফল’ৱাৰৰ মাজত ভাবমূৰ্তি বেয়া হ’ল।”

গোহাঁয়ে Brahmaputra Tele Productions Pvt. Ltd., ডি ৱাই-থ্ৰী ছিক্স ফাইভ নামৰ টেলিভিশ্যন চেনেলটোৰ পৰিচালন সঞ্চালক দ্বীপান্বিতা জয়ছোৱাল, এডিটৰ ইন চীফ মনোজ কুমাৰ গোস্বামী আৰু চেনেলটোৰ নগাঁৱৰ স্থানীয় সংবাদদাতা তপন কুমাৰ বৰাক সাঙুৰি মানহানিৰ গোচৰটো বিচাৰৰ বাবে আদালতত দাখিল কৰিছে।

গোহাঁইৰ অধিবক্তা দেৱজিত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, “আই পি চি ২০২ -ৰ অধীনত এটা অনুসন্ধান হ’ব লাগে, সেই অনুসন্ধান চলি আছে। তাৰ অংশ হিচাপে আজি দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। অহা ৩ মে’ত আন দুগৰাকীৰ সাক্ষ্য গ্ৰহণ কৰা হ’ব। সাক্ষ্য গ্ৰহণৰ অন্তত যালৈ জাননী জাৰি কৰিব লগীয়া হয়, কৰিব আদালতে।”

অধিবক্তাজনে জনোৱা মতে, ই এটা ফৌজদাৰী মানহানিৰ গোচৰ আৰু ই ভাৰতীয় দণ্ডবিধিৰ ৪৯৯/৫০০/৫০১/৩৪/৩৫-অৰ অধীনত পৰে।

Related News