• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্ষণৰ গোচৰ ৰুজু হ’ল ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2018 7:20 pm
Rajen-Gohain-570x320
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ যৌন কেলেংকাৰিত সাঙোৰ খালে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ নাম। নগাওঁ সদৰ থানাত যোৱা ২ আগষ্টত নগাওঁ জিলাৰ দেউৰী গাৱঁৰ এগৰাকী ২৬ বছৰীয়া মহিলাই ৬৮ বছৰীয়া মন্ত্ৰীজনৰ বিৰুদ্ধে তেওঁক মন্ত্ৰীজনে ধৰ্ষণ কৰা বুলি এই গোচৰটো ৰুজু কৰিছে। ইমান দিনে কথাটো গোপনে ৰখা হৈছিল যদিও নগাওঁ আৰক্ষীয়ে এই কথা আজি নিশ্চিত কৰিছে।

“এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত মন্ত্ৰীজনৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰা হৈছে। আমি বিষয়টো তদন্ত কৰি আছো।” নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে নৰ্থ-ইষ্ট নাওক কয়।

Apply Now

আৰক্ষীৰ সূত্ৰটোৱে জনোৱামতে, বিজেপিৰ পুৰণি নেতা হিচাপে দলত বিশেষ স্থান থকা তথা নগাওঁ লোকসভা সমষ্টিৰ পৰা ৪ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত 2592/18 ৰ নম্বৰত গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে জনোৱামতে, অভিযোগকাৰী মহিলাগৰাকীৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। অভিযুক্ত মন্ত্ৰীজনকো অচিৰেই জেৰা চলোৱাৰ সম্ভাৱনা আছে।

প্ৰসংগটোত মত ল’বৰ বাবে মন্ত্ৰীজনৰ সৈতে নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও মন্ত্ৰীজনে ফোনটো নধৰিল। আনহাতে তেওঁৰ পত্নী ৰীতা গোহাঁয়ে তেওঁ স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ কথা শুনিছে যদিও একো মত দিব নুখুজিলে।

ইফালে নগাওঁ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে মন্ত্ৰীজনৰ বিৰুদ্ধে এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ। ৰাজনৈতিক ষড়যন্ত্ৰৰ বাবেই এই গোচৰ দিওৱা হৈছে বুলি বিধায়কজনে দাবী কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ঘটনাৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে, য’ত এজন লোকে এগৰাকী মহিলাক বল প্ৰয়োগৰ চেষ্টা কৰা দেখা গৈছে। ফটোখনৰ এই লোকজন মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলাগৰাকীক অভিযোগকাৰী মহিলাগৰাকী বুলি ছ’চিয়েল মিডিয়াত চৰ্চা হোৱা দেখা গৈছে।

মন কৰিব লগীয়া যে কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বিজেপি দলটোৰ ইজনৰ পিছত সিজন বিধায়ক-সাংসদৰ নাম সাঙোৰ খাইছে যৌন কেলেংকাৰিত। মৰিগাওঁ সমষ্টিৰ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ যৌন কেলেংকাৰিয়ে তোলপাৰ লগোৱাৰ লগতে ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইৰ নেতাৰ বিৰুদ্ধেও উঠিছিল যৌন কেলেংকাৰিৰ অভিযোগ।

প্ৰতিক্ৰিয়া :

কৃষক মুক্তিৰ নেতা অখিল গগৈ :

মন্ত্ৰীজনৰ বিৰুদ্ধে যিহেতু ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ উঠিছে, সত্যাসত্য নিৰ্ণয় নোহোৱা পৰ্য্যন্ত তেওঁ পদত্যাগ কৰিব লাগে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া :

বিজেপিৰ নেতাসকলৰ বাবে এইটো একো অস্বাভাৱিক নহয়। তেওঁলোকৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি? যিহেতু পূৰ্বেও ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাওঁ আদিত দলটোৰ একাধিকজন নেতাৰ বিৰুদ্ধে এনে অভিযোগ উঠিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd