NORTHEAST NOW (Assamese)
অসম

বৰপেটাত নামনি অসমৰ আয়ুক্ত ৰাজেশ প্ৰসাদৰ নিৰাপত্তাৰ বিভিন্ন দিশ পৰ্যালোচনা

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ August 13, 2020 5:15 pm
বৰপেটাত নামনি অসমৰ আয়ুক্ত ৰাজেশ প্ৰসাদৰ নিৰাপত্তাৰ বিভিন্ন দিশ পৰ্যালোচনা

বাংগালুৰু আৰু অসমৰ ঢেকীয়াজুলিত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বৰপেটাকে ধৰি কেতবোৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।

সেয়েহে, আজি  বিটিচিৰ প্ৰশাসক তথা নামনি অসমৰ মাণ্ডলিক আয়ুক্তৰ দায়িত্বত থকা প্ৰধান সচিব ৰাজেশ প্ৰসাদে বৰপেটা জিলালৈ আহি নিৰাপত্তা বিষয়ক এখন জৰুৰী সভাত অংশগ্ৰহণ কৰে।

এই সভাতে জেষ্ঠ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াজনে জিলা প্ৰশাসনক দুষ্কৃতিকাৰীৰ যিকোনো সাম্ভাব্য  কূটাঘাটমূলক ঘটনাৰ প্ৰতি তীব্ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, নাগৰিকত্ব আইনৰ সংশোধনী, ৰাম মন্দিৰ আদি বিভিন্ন বিতৰ্কিত বিষয়কলৈ এচাম লোকৰ মাজত উদ্ভৱ হোৱা  অসন্তুষ্টিৰ সুবিধা লৈ সমাজ বিৰোধী শক্তি সমূহে যাতে কোনোধৰণৰ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ থাকিবলৈ তেওঁ নিৰাপত্তাৰক্ষী বাহিনী সমূহক নিৰ্দেশ দিয়ে।

সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ সিং, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ শৰ্মা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উপ-অধিনায়ক ৰাজীৱ লোচন, সীমা সুৰক্ষা বলৰ উপ অধিনায়ক সন্দীপ পুনীয়া, বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, জিলাৰ পাচঁ গৰাকী অতিৰিক্ত উপায়ুক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে বিষয়া সকল উপস্থিত থাকে।

পৰবৰ্তী পৰ্যায়ত বিষয়টো পুনৰ পৰ্যালোচনা কৰিব বুলিও প্ৰধান সচিব গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, উক্ত সভাতে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ল’বলগীয়া নিৰাপত্তামূলক ব্যৱস্থা সমূহৰো তেওঁ বুজ লয়।