NORTHEAST NOW (Assamese)

সিদ্ধান্ত সলনি, সক্ৰিয় ৰাজনীতিত খোজ নিদিয়ে ছুপাৰষ্টাৰ ৰজনীকান্তে

December 29, 2020 4:04 pm · এন ই নাও নিউজ

দক্ষিণৰ ছবি জগতৰ ছুপাৰষ্টাৰ ৰজনীকান্তে সক্ৰিয় ৰাজনীতিত খোজ নিদিয়ে। স্বাস্থ্যজনিত কাৰণৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায়।

ৰজানীতিত প্ৰৱেশ নকৰিলেও কিন্তু অভিনেতাজনে জনসাধাৰণৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে।

উল্লেখ্য যে যোৱা ৩ ডিচেম্বৰত ৰজনীকান্তে এটা নতুন দল খুলি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছিল।

দলটো জানুৱাৰিত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটাৰ কথা জানিব দি অহা ৩১ ডিচেম্বৰত এই সম্পৰ্কে সকলো কথা ৰাজহুৱা কৰাৰ কথা আছিল ৰজনীকান্তৰ।

কিন্তু এই ঘোষণাৰ পিছতে অভিনেতাজনৰ শাৰিৰীক অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁ যোৱা কিছুদিন চিকিৎসালয়ত চিকিৎসাধীনো হ’বলগীয়া হয়।

বৰ্তমান তেওঁ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে যদিও শাৰিৰীক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰে।

এই সন্দৰ্ভত ৰজনীকান্তে কয় যে যোৱা কিছু দিনত তেওঁৰ শৰীৰৰ অৱস্থা যিদৰে অৱনতি ঘটিল, সেয়া তেওঁ ভগৱানৰ সতৰ্কবাণী বুলি ভাবিছে আৰু ৰাজনৈতিক দল নোখোলাৰ সিদ্ধান্ত লয়।

ৰজনীকান্তে নিজৰ সিদ্ধান্তৰ বিষয়ে লিখিছে, ‘এই সিদ্ধান্তৰ ঘোষণাই যিমান দুখ দিছে, সেয়া কেৱল মইহে অনুভৱ কৰিব পাৰো’।

উল্লেখ্য যে তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰিব বুলি কৰা ঘোষণাই স্বাভাৱিকতে ৰাজ্যখনৰ ৰাজনীতিত অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছিল।

কিন্তু যিসকল লোক তথা অনুৰাগীয়ে পৰিৱৰ্তনৰ স্বাৰ্থত ৰজনীকান্তক ভোট দিম বুলি ভাবি আছিল সেইসকল লোকৰ বাবে আজিৰ এই খবৰ অত্যন্ত বেদনাদায়ক।

Related News