NORTHEAST NOW (Assamese)

সলনি হব ৰাজীৱ ভৱনৰ পৰিচয়; বিজনেছ কমপ্লেক্সলৈ ৰূপান্তৰিত হব ৰাজীৱ ভৱন

May 20, 2022 5:28 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

বৰ্তমান এবিচিত থকা ৰাজীৱ ভৱন হবগৈ বিজনেছ কমপ্লেক্স।

শুক্ৰবাৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিবাচনক লৈ অনুস্থিত কৰা এক সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ঘোষণা কৰে এই কথা।

সাংবাদিকে ৰাজীৱ ভৱনক বাণিজ্যিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হব নেকি বুলি সোধাত ৰাণা গোস্বামীয়ে কয় “কংগ্ৰেছৰ বৰ্তমান পুঁজিৰ অভাৱ। ফলত অসুবিধা হয় দল চলাবলৈ। ভূপেন বৰাৰ ইচ্ছা অনুসৰি এই নতুন সিদ্ধান্ত লোৱা হৈছে।দেশৰ সকলো ঠাইতে কংগ্ৰেছৰ বহু সম্পত্তি আছে। ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা অহা আয়ৰে দলটো পৰিচালনা কৰাত সহায় হব।

“ইতিমধ্যে সভাপতি ভূপেন বৰায়েো এই বিষয়ত কয় “দলটো ৰাজনৈতিক ভাবে শক্তিশালী হৈ থাকিবলৈ দলটোৰ এটা নিজস্ব উপাৰ্জন লাগিব। সেয়েহে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সটোতো এটা মাল্টি স্তৰ বিল্ডিং বনোৱাৰ সিদ্ধান্ত লোৱা হৈছে। ১৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বিজনেছ কমপ্লেক্সটো। উপাৰ্জনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ এই সিদ্ধান্ত। মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰে আধা অংশ ৰাজীৱ ভৱন হিচাপে ব্যৱহাৰ হ’ব। আৰু ৰাজীৱ ভৱন হবগৈ সম্পূৰ্ণ এটা বিজনেছ কমপ্লেক্স।”

Related News