NORTHEAST NOW (Assamese)
অৰুণাচল

বায়ুসেনাৰ ১৩ জন শ্বহীদ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2019 2:32 pm
Rajnath Singh

অৰুণাচল প্ৰদেশৰ চিয়মি জিলাত সংঘটিত বিমান দুৰ্ঘটনাত শ্বহীদ হোৱা ১৩ জনকৈ বায়ু সেনাৰ বীৰ জোৱানক আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে জোৱান কেইজনক দিল্লীৰ পালম বিমান বন্দৰত শ্ৰদ্ধাঞ্জলি জনায়।

উল্লেখ্য যে ভাৰতীয় বায়ু সেনাৰ উদ্ধাৰকাৰী দলে ২০ জুন অৰ্থাৎ বৃহস্পতিবাৰে ১৩ জনকৈ বীৰ জোৱানৰ নশ্বৰ দেহ অৰুণাচলৰ পৰা যোৰহাটৰ বায়ুসেনাৰ ছাউনীলৈ লৈ আনিছিল।

উল্লেখ্য যে ৩ জুনত যোৰাহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকা অভিমুখে উৰা মৰা বায়ু সেনা বাহিনীৰ (এ এন-৩২) বিমানখন অৰুণাচলৰ চিয়মি জিলাত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। আৰু সেই দুৰ্ঘটনাটোত বিমানখনত থকা বায়ু সেনাৰ ১৩ জন জোৱানে মৃত্যুক আকোৱালি ল’ব লগীয়া হৈছিল।