NORTHEAST NOW (Assamese)

অৰুণাচলৰ সেনাৰ ঘাটিত অস্ত্ৰপূজাৰে চীনলৈ বাৰ্তা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

October 25, 2023 8:39 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 25, 2023 8:41 am

মঙলবাৰে দশমী দিৱসত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অৰুণাচল প্ৰদেশৰ টাৱাঙত “অস্ত্ৰ পূজা” সম্পন্ন কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় সেনা জোৱানৰ সৈতে চীনৰ সীমান্ততে দশমী উদযাপন কৰে। সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই তেওঁক সংগ দিয়ে। 

সেনা প্ৰধান আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে অৰুণাচল প্ৰদেশত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰতৰ সামৰিক প্ৰস্তুতিৰ এক বিস্তৃত পৰ্যালোচনা কৰে। 

দায়বদ্ধতা আৰু অদম্য সাহসৰে সীমান্তত পহৰা দিয়াৰ বাবে সেনা জোৱানসকলক প্ৰশংসা কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। 

তেওঁ বুম-লাকে ধৰি সীমান্তৰ কেইবাটাও সেনা ঘাটি পৰিদৰ্শন কৰে। পিছত ৰাজনাথ সিঙে কয় যে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত দেশৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। 

 

Related News