NORTHEAST NOW (Assamese)

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

May 11, 2025 10:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 11, 2025 10:07 pm

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ দিনটোতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰ্চুৱেলি ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত নিৰ্মিত ‘ব্ৰহ্মছ’ ক্ষেপণাস্ত্ৰৰ এক নতুন ইউনিটৰ উদ্বোধন কৰিছে।  ৰাজনাথ সিঙে ব্ৰহ্মছ উদ্বোধন কৰি কয় যে, “আজি দেশৰ বাবে এক ঐতিহাসিক দিন। ১৯৯৮ চনৰ এই দিনটোত পোখৰাণত পাৰমাণৱিক পৰীক্ষা সম্পন্ন হৈছিল। এই নতুন ব্ৰহ্মছ ইউনিটৰ জৰিয়তে উত্তৰ প্ৰদেশে ক্ষেপণাস্ত্ৰ উৎপাদন বৃদ্ধি কৰি দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ এক নতুন আদৰ্শ গঢ়ি তুলিব।” ৩০০ কোটি টকা ব্যয় সাপেক্ষে এই ইউনিটত বছৰি ১০০টা ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ আৰু ১০০-১৫০টা নতুন প্ৰজন্মৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

উদ্বোধনী অনুষ্ঠানৰ পিছত এক সংবাদমেলত  অংশ গ্ৰহণ কৰি ৰাজনাথ সিঙে ‘অপাৰেচন সিন্দূৰ’ৰ বিষয়ে  উল্লেখ কৰি পাকিস্তানৰ প্ৰতি কঠোৰ বাৰ্তা প্ৰদান কৰে। ৰাজনাথ সিঙে পুনৰ স্পষ্টভাবে প্ৰকাশ কৰে যে   ভাৰতৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীল আছে আৰু দেশে সদায় কঠোৰ প্ৰতিক্ৰিয়াৰে মোকাবিলা কৰিব।দুয়োখন দেশে সন্মতি প্ৰকাশ কৰিছিল যুদ্ধবিৰতি ঘোষণা কৰে যদিও কেইঘণ্টাৰ ভিতৰতে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰি জম্মু-কাশ্মীৰৰ সীমান্তৰ ১১টা স্থানত গুলীচালনা আৰু ড্ৰ’ন আক্ৰমণৰ চেষ্টা কৰে। এই ঘটনাই সীমান্তৰ উত্তেজনা অব্যাহত ৰাখিছে। ৰাজনাথ সিঙে জোৰ দি কয় যে নতুন ব্ৰহ্মছ ইউনিটৰ স্থাপনে ভাৰতৰ সামৰিক সামৰ্থ্য বৃদ্ধি কৰিব আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে দেশ সদায় প্ৰস্তুত। এই ক্ষেপণাস্ত্ৰ ইউনিটৰ উদ্বোধনে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰিছে, যিয়ে দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বক অধিক শক্তিশালী কৰিব।

Related News