NORTHEAST NOW (Assamese)

ৰাজ্যসভাৰ ১১ খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা

October 13, 2020 2:10 pm · এন ই নাও নিউজ

আজি ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যসভাৰ খালী হৈ থকা ১১ খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

আয়োগে জনোৱা অনুসৰি এই আসন কেইখনৰ বাবে অহা ৯ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনাই সন্ধিয়া ভোট গণনা হ’ব বুলিও জনায়।

নিৰ্বাচন হ’বলগীয়া ১১ খন আসনৰ ১০ খন উত্তৰ প্ৰদেশ আৰু এখন উত্তৰাখণ্ডৰ। এই আসন কেইখনৰ সদস্যৰ কাৰ্যকাল অহা ২৫ নৱেম্বৰত সমাপ্ত হ’ব।

উল্লেখ্য যে অহা ১১ নৱেম্বৰৰ পূৰ্বে এই আসন কেইখনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজনীয়।

নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, নিৰ্বাচনৰ বাবে অহা ২০ অক্টোবৰত অধিসূচনা জাৰি কৰিব। ২৭ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে ২ নৱেম্বৰ। ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলিব বুলিও জনায় আয়োগে।

Related News