NORTHEAST NOW (Assamese)

নিৰ্বাচনী ফলাফলক লৈ আশাবাদী ৰকিবুল হুছেইন : এগজিট প’লক বিশ্বাস নকৰিবলৈ আহ্বান

April 30, 2026 8:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:37 am

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে সংবাদ মাধ্যমত প্ৰকাশ পোৱা এগজিট পোলসমূহ কোনো কাৰণতে বিশ্বাস কৰিব নালাগে। ৰকিবুল হুছেইনৰ মতে কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এইবাৰ অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হব। তেওঁ অভিযোগ কৰে যে ভাৰতীয় জনতা পাৰ্টিয়ে এগজিট পোলৰ জৰিয়তে সমাজত এক বিপৰীত ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে। ধুবুৰীৰ গৌৰীপুৰ পিচি ইনষ্টিটিউট মডেল হায়াৰ চেকেণ্ডাৰী স্কুলত থকা ষ্ট্ৰং ৰূম পৰিদৰ্শন কৰাৰ পাছত তেওঁ এই মন্তব্য আগবঢ়ায়।

সাংসদগৰাকীয়ে নিৰ্বাচন আয়োগৰ ওচৰত ভোট গণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ দাবী উত্থাপন কৰিছে। বিশেষকৈ ১৭-চি ফৰ্মৰ বিসংগতিৰ বিষয়ে তেওঁ উদ্বেগ প্ৰকাশ কৰিছে। পূৰ্বৰ নিৰ্বাচনৰ উদাহৰণ দি হুছেইনে কয় যে ২০২১ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০০খন আসন লাভ কৰিব বুলি দাবী কৰিছিল যদিও প্ৰকৃততে বিজেপিয়ে ৬০খন আসনহে লাভ কৰিছিল। এইবাৰ তেওঁলোকে ৮০খন আসনৰ কথা কৈছে যদিও বিজেপিয়ে হয়তো কেৱল ৪০খনমান আসনহে লাভ কৰিব বুলি তেওঁ কটাক্ষ কৰে।

নিৰ্বাচনৰ ফলাফলৰ ওপৰত মন্তব্য কৰি তেওঁ কয় যে এইবাৰ যুৱ প্ৰজন্ম আৰু মৌন ভোটাৰসকলে চৰকাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা লব। ভোটদানৰ দিনা যুৱক-যুৱতীসকলে জয় জুবিন দা বুলি দিয়া শ্লোগানসমূহ ৰাইজৰ পৰিৱৰ্তনৰ আকাংক্ষাৰেই প্ৰতিফলন বুলি তেওঁ বৰ্ণনা কৰে। তেওঁৰ মতে বিজেপিৰ নেতাসকলে এতিয়া পৰাজয়ৰ উমান পাইছে আৰু সেয়েহে তেওঁলোকৰ মাজত বিশ্বাসঘাতকতা তথা অন্তৰ্কন্দলৰ দৰে বিষয়বোৰ চৰ্চিত হৈছে। ধুবুৰীৰ এই সংবাদমেলত ৰকিবুল হুছেইনৰ সৈতে বিধায়ক এ কে ৰছিদ আলম, আব্দুছ ছোবাহান আলী চৰকাৰ আৰু দলৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।

Related News