NORTHEAST NOW (Assamese)

বলীউদত চাঞ্চল্য: ৰামগোপাল বাৰ্মাৰ নতুন ছবিৰ নাম ‘অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট’!

August 4, 2020 7:50 am · এন ই নাও নিউজ
সাংবাদিক অৰ্ণৱ গোস্বামী আৰু পৰিচালক ৰামগোপাল বাৰ্মা।

বলীউদৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ জোৱাৰ উঠিছে।

দেশত কৰ’নাৰ আতংক, চীন-নেপালৰ আগ্ৰাসী সঞ্চালন বা ৰাম মন্দিৰ নিৰ্মাণৰ দৰে বহু চৰ্চিত বিষয়ৰ মাজতো বিভিন্ন সংবাদ মাধ্যমত এতিয়া বিশেষ চৰ্চাৰ বিষয় হৈছে সুশান্তৰ মৃত্যু ৰহস্য।

বিভিন্ন নিউজ চেনেলত সুশান্তৰ মৃত্যুক লৈ আলোচনাও অনুষ্ঠিত কৰা হৈছে। তদুপৰি, সদায় বিষয়টোক লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বলীউদক জনসাধাৰণৰ মাজত যিধৰণে উপস্থাপন কৰিছে তাত অসন্তুষ্ট হৈ পৰিছে পৰিচালক ৰাম গোপাল বাৰ্মা।

পৰিচালকগৰাকীয়ে ছচিয়েল মিডিয়াত সম্পূৰ্ণ সুকীয়া ধৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।

পৰিচালক বাৰ্মাই কয় যে অৰ্ণৱ গোস্বামীয়ে বলীউদ ইণ্ডাষ্ট্ৰীক অতি জঘন্য স্থান হিচাপে তুলি ধৰিছে।

গোস্বামীয়ে ইয়াক ধৰ্ষণকাৰী, গেংষ্টাৰ তথা বিভিন্ন অপৰাধীৰ ৰম্যভূমি হিচাপে দাঙি ধৰি আনকি সুশান্তৰ মৃত্যুৰ সৈতে দিব্যা ভাৰতী, জিয়া খান আৰু শ্ৰীদেবীৰ মৃত্যু প্ৰসংগও টানি আনি এই সকলোৰে বাবে বলীউদক দায়ী কৰিছে।

অৰ্ণৱ গোস্বামীৰ এনে অভিযোগসমূহ মানি ল’বলৈ সাজু নহয় পৰিচালক ৰাম গোপাল বাৰ্মা।

বাৰ্মাই এটাৰ পাছত আন এটা টুইটৰ জৰিয়তে সাংবাদিক গৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে।

অৰ্ণৱ গোস্বামীয়ে তেওঁৰ শ্ব’ত আনক একো ক’বলৈ নিদি নিজেই কৈ কেবল কৈ যোৱা বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে এই বিষয়টো লৈ মই বহুত ভাৱিছো। তাৰ পাছত অৰ্ণৱৰ ওপৰত এখন ছবি কৰাৰ কথা ঠিক কৰিছো য’ত তেওঁক নগ্ন ৰূপত দাঙি ধৰা হ’ব আৰু তাতেই তেওঁৰ সকলো দুৰ্নীতি পোহৰলৈ অনা হ’ব।

তেওঁ লগতে জানিবলৈ দিয়ে যে ছবিৰ নাম ৰখা হ’ব ‘অৰ্ণৱ-দ্য নিউজ প্ৰষ্টিটিউট’।

বাৰ্মাই কয় যে তেঁওৰ বৰ্ণনা দিবলৈ গৈ অলপ অশালীন ভাষা ব্যৱহাৰ কৰিবলগীয়া হৈছে, কিন্তু অৰ্ণৱলৈ এইটোৱেই বলীউদৰ প্ৰত্যুত্তৰ।

অৰ্ণৱলৈ প্ৰত্যাহ্বান জনাই ৰাম গোপাল বাৰ্মাই সাংবাদিকগৰাকীৰ প্ৰতিক্ৰিয়াৰ কোনো গুৰুত্ব অনুভৱ নকৰি কয় যে তেওঁ ছবিখন দৰ্শকৰ বাবে নিৰ্মাণ কৰিব আৰু সকলো পাদিল কৰি দিব।

সন্মুখত অৰ্ণৱ গোস্বামী আৰু বলীউদৰ মাজৰ এখন যুঁজ সমাগত বুলি ক’ব পৰা যায়। এতিয়া এই বিষয়ত সাংবাদিক অৰ্ণৱ গোস্বামীৰ প্ৰতিক্ৰিয়া কি সেয়া ‘নেশ্যনছ ৱান্ট টু ন’।

Related News