NORTHEAST NOW (Assamese)

‘পিতৃ পক্ষ’ৰ বাবেই আৰম্ভ কৰিব পৰা নাই ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য

September 7, 2020 10:27 am · এন ই নাও নিউজ

দশকজোৰা আইনী যুদ্ধৰ অন্তত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি পোৱাৰ পিছতে সৌসিদিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ শিলান্যাস কৰিলে।

কিন্তু শাস্ত্ৰত থকা বাধাৰ বাবে এতিয়ালৈকে আৰম্ভ কৰিব পৰা হোৱা নাই ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য।

ৰাম মন্দিৰ নিৰ্মাণ ট্ৰাষ্টৰ কৰ্মকৰ্তা চম্পত ৰাইয়ে প্ৰকাশ কৰা অনুসৰি এতিয়া পিতৃ পক্ষ চলি থকা বাবেই মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পৰা হোৱা নাই।

তেওঁৰ মতে   পিতৃ পক্ষৰ সময়ত পূৰ্ব পুৰুষ সকলক স্মৰণ কৰা হয়।  এই সময়ছোৱাত কোনো নিৰ্মাণ কাৰ্য হাতত লোৱা মানা ।

সেইবাবেই ১৭ ছেপ্তেম্বৰৰ পিছতেই মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

উল্লেখ্য ৰাম মন্দিৰৰ ভেটি প্ৰস্তুতৰ বাবে ইতিমধ্যে ১২০০ খণ্ড বিশেষ শিল অযোধ্যালৈ অনা হৈছে।

নিৰ্মাণ কৰিবলগীয়া ৰামমন্দিৰটো কমেও ১০০০ বছৰ একেদৰে টিকি থাকিব বুলি মন্দিৰ নিৰ্মাণ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

মন্দিৰৰ মাটি পৰীক্ষা কৰিব চেন্নাইৰ আই আই টিৰ বিশেষজ্ঞৰ দলে।মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিব লাৰ্ছেন এণ্ড টুব্ৰ’ই।

Related News