NORTHEAST NOW (Assamese)
Popular Stories

নলবাৰী ৰাসৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গুৱাহাটীত উপস্থিত ‘ৰাম-সীতা’

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 16, 2024 9:06 am

অসম আহি পালেহি এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ‘ৰাম-সীতা’। ৰামৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দীপিকা চিখলিয়া উপস্থিত হয় গুৱাহাটীত।

নলবাৰীৰ ৰাসৰ উদ্বোধনী অনুষ্ঠান অংশ ল’ব অৰুণ গোভিল আৰু দীপিকা চিখলিয়াই। ৰামায়ণৰ ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আৰু দীপিকা চিখলিয়াক নলবাৰী পৰিদৰ্শন বঙলাৰ পৰা হৰি মন্দিৰলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হ’ব বুলি জানিব পৰা গৈছে।

দুয়োজনকে এখন সুশোভিত পুষ্পসজ্জিত ঘোঁৰা গাড়ীত উঠাই অনা হ’ব। লগতে পথৰ দুয়ো দাঁতিত ৫০০জোপা কল গছ ৰোপণ কৰা হ’ব।

আনহাতে, এই পথছোৱাৰ পৰা মন্দিৰলৈ পাঁচ হাজাৰ মাটিৰ চাকি জ্বলোৱা হ’ব। গোটেই পথছোৱাত পুষ্পবৃষ্টি কৰা হ’ব।

উল্লেখ্য যে, নিশা ৰামায়ণ ধাৰাবাহিকখনত অভিনয় কৰা ১৬গৰাকী শিল্পীয়ে পৰিৱেশন কৰিব ‘শুনো ৰাম কথা’ নামৰ এখন নাটক।