NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্ত ৰাম জনমভূমি ন্যাসৰ অধ্যক্ষ : ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ সৈতে উপৱিষ্ট আছিল মঞ্চত

August 13, 2020 2:01 pm · এন ই নাও নিউজ

অযোধ্যাৰ ৰাম জনমভূমি ন্যাসৰ অধ্যক্ষ মহান্ত নৃত্য গোপাল দাস ক’ৰ’নাত আক্ৰান্ত হৈছে।

যোৱা ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেখন মঞ্চতে উপৱিষ্ট আছিল অধ্যক্ষ গোপাল দাস।

উক্ত কাৰ্যসূচীৰ মঞ্চত মাত্ৰ পাঁচজন বিশিষ্ট ব্যক্তিহে উপস্থিত আছিল।

তেওঁলোক আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, মু্খ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰ এছ এছৰ প্ৰধান ৰাম ভাগৱত আৰু ৰাম জনমভূমি ন্যাসৰ অধ্যক্ষ মহান্ত নৃত্য গোপাল দাস।

বৰ্তমান গোপাল দাস মথুৰাত আছে বুলি জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোপাল দাসক মেদান্ত হাস্পতালত ভৰ্তি কৰোৱাবলৈ নিৰ্দেশ দিছে।

“মহাৰাজ জী জ্বৰত ভুগি থকা বুলি আমি খবৰ পাইছিলো, আমি তেওঁৰ চিকিৎসাৰ বাবে চিকিৎসক প্ৰেৰণ কৰিছিলো। তেওঁৰ জ্বৰ স্বাভাৱিক যদিও শ্বাস-প্ৰশ্বাসত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল। এণ্টিজেন টেষ্ট কৰাৰ পিছত তেওঁৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে।” মথুৰা জিলা দণ্ডাধীশ সৌৰ্ভাগ্য ৰাম মিশ্ৰই সংবাদিকৰ আগত কয়।

উল্লেখ্য যে, ভূমি পূজনৰ আগদিনা পূজাৰী প্ৰদীপ দাসসহ নিৰ্মীয়মান ৰাম মন্দিৰৰ নিৰাপত্তাৰ দায়িত্বত থকা ১৪ গৰাকী আৰক্ষীৰ শৰীৰত কোভিড১৯ ধৰা পৰিছিল।

Related News