NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধান মন্ত্ৰীৰ COVID-19 ফাণ্ডলৈ বাবা ৰামদেৱৰ ২৫ কোটি টকা প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 31, 2020 9:16 am
ramdev pti file-1585573859

দেশত ভয়াৱহ ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সোমবাৰে যোগগুৰু বাবা ৰামদেৱে পি এম কেয়াৰ্ছ ফাণ্ডলৈ ২৫ কোটি টকা প্ৰদান কৰে।

ইয়াৰ উপৰি পতঞ্জলি আৰু ৰুচি চয়াৰ প্ৰত্যেকগৰাকী কৰ্মচাৰীয়ে নিজৰ নিজৰ এদিনৰ দৰমহা (সৰ্বমুঠ ১.৫ কোটি টকা) পি এম কেয়াৰ্ছ ফাণ্ডলৈ আগবঢ়োৱাৰ সিদ্ধান্ত লয়।

যোগগুৰু ৰামদেৱে লগতে হৰিদ্বাৰত থকা প্ৰতিষ্ঠান আৰু কলকাতা, মদিনানগৰ(উত্তৰ প্ৰদেশ), ছোলান (হিমাচল প্ৰদেশ)ত থকা আশ্ৰম কেইখন ক’ৰ’না ভাইৰাছ সংক্ৰমিত লোকৰ চিকিৎসাৰ বাবে প্ৰদান কৰিব বুলিও ঘোষণা কৰে।

এই কেইখনত কমেও ১৫০০ গৰাকী লোকক আইছ’লেশ্বনত ৰাখিব পাৰিব বুলিও জনাই বাবা ৰামদেৱে। তদুপৰি এই আইছ’লেশ্যনত থকা প্ৰত্যেকগৰাকী লোককে খাদ্য সামগ্ৰীও পতঞ্জলিয়ে প্ৰদান কৰিব।

উল্লেখ্য যে ৰামদেৱে তেওঁৰ অনুৰাগী সকলক সাধ্যানুসাৰে পি এম কেয়াৰ্ছ ফাণ্ডলৈ বৰঙণি আগবঢ়াই ক’ৰ’না বিৰোধী যুঁজত অংশীদাৰ হ’বলৈ আহ্বান জনায়।