NORTHEAST NOW (Assamese)
দেশ

ৰামোজী ফিল্ম চিটিৰ প্ৰতিস্থাপক ৰামোজী ৰাও আৰু নাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 8, 2024 8:27 am

ৰামোজী চলচ্চিত্ৰ চহৰৰ প্ৰতিষ্ঠাপক তথা ইটিভি নেটৱৰ্কৰ মুৰব্বী ৰামোজী ৰাও আৰু নাই। শনিবাৰে পুৱতি নিশা তেলেংগানাৰ হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৰামোজী ৰাওৱে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৭ বছৰ। চিকিৎসাধীন অৱস্থাতে আজি পুৱতি নিশা ৩ বাজি ৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে ৰাওৱে।

ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা জি কিষাণ ৰেড্ডীয়ে X ত পোষ্ট কৰে “শ্ৰী ৰামোজী ৰাওৰ মৃত্যুত দুখ প্ৰকাশ কৰিছোঁ। তেলেগু সংবাদ মাধ্যম আৰু সাংবাদিকতালৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেওঁৰ পৰিয়ালৰ সদস্যসকললৈ মোৰ সমবেদনা। ওম শান্তি”।