NORTHEAST NOW (Assamese)

আকৌ একেলগে দেখা যাব ৰেঞ্চো, ফাৰহান আৰু ৰাজুক : আৰম্ভ হৈছে থ্ৰী ইডিয়টছৰ ছিকুৱেলৰ নিৰ্মাণৰ কাম

May 14, 2026 8:40 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 14, 2026 8:47 am

যোৱা কিছু দিন ধৰি বলীউডৰ চুপাৰষ্টাৰ আমিৰ খানৰ পৰৱৰ্তী চিনেমাখনক লৈ নানা ধৰণৰ চৰ্চা চলি আছিল। বহুতে কব খুজিছিল যে তেওঁ নিজৰ পুত্ৰ জুনায়েদৰ বাবে কোনো বিশেষ ছবিৰ কামত ব্যস্ত আছে। কিন্তু সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এতিয়া এক সুখবৰ পোহৰলৈ আহিছে।

খবৰ অনুসৰি, ২০০৯ চনৰ সৰ্বকালৰ অন্যতম ব্লকবাষ্টাৰ ছবি থ্ৰী ইডিয়টছৰ ছিকুৱেলৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আমিৰ খানে। আটাইতকৈ আনন্দৰ কথাটো হ, মূল ছবিখনৰ সেই বিখ্যাত তিনিগৰাকী বন্ধু অৰ্থাৎ আমিৰ খান, আৰ মাধৱন আৰু শৰমন যোশীক পুনৰ একেলগে পৰ্দাত দেখিবলৈ পোৱা যাব।

প্ৰকাশিত তথ্য অনুসৰি, ছবিখন বৰ্তমান প্ৰাক-প্ৰস্তুতি বা প্ৰি-প্ৰডাকচনৰ পৰ্যায়ত আছে। এইটো নিশ্চিত হৈছে যে এই তিনিগৰাকী অভিনেতাই ছবিখনত অভিনয় কৰিব। ইয়াৰ মাজতে উৰাবাতৰি ওলাইছিল যে বিকি কৌশলক চতুৰ্থগৰাকী বন্ধু হিচাপে লৈ ফৰ ইডিয়টছ নামৰ এখন ছবি নিৰ্মাণ কৰা হ, কিন্তু এই তথ্যৰ এতিয়ালৈকে কোনো সত্যতা পোৱা হোৱা নাই।

সূত্ৰৰ মতে নতুন ছবিখনৰ কাহিনীত এটা ডাঙৰ সময়ৰ ব্যৱধান দেখুওৱা হ, যাৰ বাবে চৰিত্ৰকেইটাক আগৰ দৰে একে বয়সত দেখা নাযাব। অৱশ্যে এইখন আগৰ ছবিখনৰ পিছৰ কাহিনী হব নেকি সেই লৈ এতিয়াও ৰহস্য অব্যাহত আছে। এই ছবিখনো ৰাজকুমাৰ হিৰানীয়েই পৰিচালনা কৰিব বুলি জানিব পৰা গৈছে।

মনত পেলাই দিওঁ যে থ্ৰী ইডিয়টছ ছবিখনত আমিৰ খানৰ লগতে কৰীণা কাপুৰ, বোমান ইৰানী আৰু ওমি বৈদ্যৰ দৰে কলা-কুশলীয়ে অভিনয় কৰিছিল। চেতন ভগতৰ বিখ্যাত উপন্যাস ফাইভ পইণ্ট চামৱানৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল। মুক্তিৰ পিছতে ছবিখনে সমগ্ৰ বিশ্বতে ৪০০ কোটি টকা উপাৰ্জন কৰি ইতিহাস সৃষ্টি কৰিছিল। আনকি চীনতো এই ছবিখনে অভূতপূৰ্ব সফলতা অৰ্জন কৰিছিল। এতিয়া বহু বছৰৰ মূৰত সেই একেই যাদু পুনৰ ছবিগৃহত চাবলৈ অনুৰাগীসকল অধীৰ আগ্ৰহেৰে ৰৈ আছে।

Related News