NORTHEAST NOW (Assamese)

বিহুৰ বতৰত কেইটিমান বিহুনামৰ যোজনা

April 15, 2023 3:44 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 15, 2023 3:16 pm

ৰঙালী বিহুত বিভিন্ন ধৰণৰ নাম গোৱা হয়। তাৰে কিছুমান বিৰহৰ, কিছুমান প্ৰেম আৰু যৌনতাৰ আৰু কিছুমান বিহুনাম প্ৰকৃতি বিষয়ক। ৰাতি বিহু, গছতলৰ বিহ, জেং বিহু, হুচৰি আদি না না পৰম্পৰা অনুসৰি বিভিন্ন ধৰণৰ বিহু নাম প্ৰচলিত আছে। এই বিহু নাম সমূহ অসমৰ চহা লোকসকলে বিভিন্ন সময়ত ৰচনা কৰি আহিছে।
আজিৰ পৰা শ শ বছৰৰ আগতে কিছুমান অনাখৰী মানুহে ৰচনা কৰি থৈ যোৱা এই বিহুনাম সমূহ অসমীয়া জাতিৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক সমল। প্ৰেমৰ কবিতা হিচাপেও বিহুনাম সমূহক মহৎ সাহিত্যৰ স্থানত ৰাখিব পাৰি।

ৰঙালী বিহুৰ উপলক্ষে সেয়ে আজি আপোনালোকলৈ সততে পৰিৱেশন কৰা কেইটামান বিহুৰ যোজনা আগবঢ়াই দিলোঁ –

(ক)

ঔৰে গছতে মৌৱে বাঁহে ল’লে
অ’ ককাই পাৰি দিয়া ঐ খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি ঐ
অ’ বিহু নাচিবলৈ যাওঁ॥

(খ)

হাই ঐ তোমালৈ যিমানে মৰম ঐ চেনাইটি
ঐ আনলৈ সিমানেই ঐ নাই
আশা কৰাই কৰাই নিৰাশা কৰিলা ঐ
তোমাৰ সমান নৰকী নাই।

(গ)

ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত।
তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ
তোমাক নাপালোহি ঘৰত।

(ঘ)

তোমাৰে ঘৰলৈ চাইকেল মাৰি গৈছিলো
আকাশে উৰিলে ধূলি
মোকে যোৱা দেখি তোমাৰ বাপেৰে
খাজিছে বন্দুকৰ গুলী।

(ঙ)
ধানে দায়ে গ’লা পাচলৈ নাচালা
এৰিলা চেনেহৰ থোক
বামে পাই লাখুটি যিদৰে এৰিলা
সেইদৰে এৰিলা মোক

(চ)

হাতী হেৰুৱালো লিহিৰি বনতে
ঘোঁৰা হেৰুৱালো ৰণত
পাই হেৰুৱালো তোকে ধন চেনাই ঐ
এনুৱা যৌৱনৰ কালত।

(ছ)

এই বেলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ ;
নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই
গৰকি ভাঙি যায় যঁতৰ ।

(জ)

আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই ;
সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই।

Related News