NORTHEAST NOW (Assamese)

বায়’পিক নিৰ্মাণ হ’ব ৰাণু মণ্ডলৰ, কোনে অভিনয় কৰিব ৰাণু মণ্ডলৰ চৰিত্ৰত

September 18, 2022 7:11 pm · এন ই নাও নিউজ,গুৱাহাটী

বায়’পিক নিৰ্মাণ হ’ব ৰাণু মণ্ডলৰ। এৰাতিৰ ভিতৰতে পথৰ সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰা ৰাণু মণ্ডলৰ জীৱনকাহিনীক লৈ এইদৰে বায়’পিক নিৰ্মাণৰ কথা ভাবিছে চলচ্চিত্ৰ নিৰ্মাতা হৃষিকেশ মণ্ডলে।

কিন্তু ৰাণু মণ্ডলৰ ভূমিকাত অভিনয় কৰিবলৈ বহুকেইগৰাকী অভিনেত্ৰীয়ে অস্বীকাৰ কৰিছে। অৱশেষত অভিনেত্ৰী ইশিকা দে’ই ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ সন্মত হৈছে।

হৃষিকেশ মণ্ডলে জনোৱা মতে, তেওঁ বহু অভিনেত্ৰীক লগ পাই তেওঁলোকক চিত্ৰনাট্যৰ বিষয়ে বুজাই দিছিল, কিন্তু সকলোৱে ৰাণু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছিল। বায়’পিকখনৰ নাম ‘এক প্যাৰ কা নগমা হে’ হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ছ’চিয়েল মিডিয়াই বহু লোকক এৰাতিতে তাৰকাত পৰিণত কৰোৱাৰ অন্যতম উদাহৰণ হৈছে ৰাণু মণ্ডল। বৰ্তমান সময়ত ৰাণু মণ্ডলক চিনি নোপোৱা মানুহ নাই।

কলকাতাৰ ৰাণাঘাট ষ্টেছনত লতা মংগেশকাৰৰ ’এক প্যাৰ কা নাগমা হে’ গীতটো গাই ৰাণু মণ্ডল অভাৰনাইট ষ্টাৰ হৈ পৰিছিল। বলিউডৰ জনপ্ৰিয় সুৰকাৰ তথা কণ্ঠশিল্পী হিমেশ ৰেশমীয়াই তেওঁক বলীউডৰ ছবিখনত গান গোৱাৰ সুযোগ দিছিল।

Related News