NORTHEAST NOW (Assamese)
অসম

জাগীৰোড আৰক্ষীৰ জালত নাৰী ধৰ্ষণকাৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2019 9:32 am
arrest-2-76

সোমবাৰে আবেলি মৰিগাঁও আৰক্ষীৰ জালত পৰে এগৰাকী ধৰ্ষণকাৰী। আৰক্ষীৰ এক অভিযানত জাগীৰোড ৰে’ল ষ্টেশ্যনৰ সমীপৰ পৰা উক্ত নাৰী ধৰ্ষণকাৰী গৰাকীক আটক কৰা হয়।

আটক কৰা অভিযুক্ত লোকজনক ৰমজান আলী বুলি চিনাক্ত কৰা হৈছে। তেওঁ এ এছ ০১ এফ চি ৮৯০১ নম্বৰৰ এখন যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীত হেণ্ডিমেন হিচাপে কাম কৰিছিল বুলি এক সূত্ৰত প্ৰকাশ।

প্ৰাপ্ত তথ্য মতে, এক সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে এক অভিযান চলাই নেলি অঞ্চলত ট্ৰেভেলাৰখন ৰখাই অভিযুক্ত হেণ্ডিমেনজনৰ সম্ভেদ লাভ কৰে।

উল্লেখযোগ্য যে যোৱা ২৫ অক্টোবৰত জাগীৰোডত থকা নগাঁও কাগজ কলৰ ওচৰত উক্ত ঘটনাটো সংঘটিত হৈছিল, য’ত অভিযুক্ত ৰমজান আলী নামৰ উক্ত ব্যক্তিজনে হোষ্টেললৈ উভতি আহি থকাৰ পখত শালনাৰ এগৰাকী যুতীক ধৰ্ষণ কৰিছিল।