NORTHEAST NOW (Assamese)
অসম

ভুৱনেশ্বৰ কলিতা এজন ক্ষমতালোভী, সুবিধাবাদী নেতা : ৰিপুন বৰা

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 9, 2019 10:49 pm

‘ভুৱনেশ্বৰ কলিতা হৈছে এজন ক্ষমতালোভী, সুবিধাবাদী নেতা।’ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ।

আজি ৰাজীৱ ভৱনত সাংবাদিকৰ সৈতে হোৱা এক মত বিনিময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে ভুৱনেশ্বৰ কলিতাৰ দলত্যাগে কংগ্ৰেছ দলৰ কোনো ক্ষতি নকৰে।

লগতে সভাপতি গৰাকীয়ে কয় যে, তেওঁ আদৰ্শগত কংগ্ৰেছ কৰ্মী নহয়, আদৰ্শগত কংগ্ৰেছ কৰ্মীয়ে কেতিয়াও এনে কাম কৰিব নোৱাৰে।

‘অগপতো আছিল এনে ধুমুহা আৰু বিজেপিতো আহিব একেই ধুমুহা।’ এনেদৰে আজি সাংবাদিকৰ আগত উল্লেখ কৰে অমস প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে।

উল্লেখযোগ্য যে ১৯৪২ৰ ঐতিহাসিক ’ভাৰত ত্যাগ আন্দোলন’ক সুঁৱৰি আজি ৰাজীৱ ভৱনত এক সভাৰ আয়োজন কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটীয়ে।

উক্ত সভাত কংগ্ৰেছৰ অসম ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ভূমিধৰ বৰ্মন আৰু বহু আগশাৰীৰ কংগ্ৰেছ কৰ্মী উপস্থিত আছিল।