NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত তিনি সন্তানৰ মাতৃক ধৰ্ষণৰ চেষ্টা ‘ৰাজেন বৰুৱা’ নামৰ লম্পটৰ

Posted by: ৰিদিপ শৰ্মা November 27, 2018 1:18 pm
Untitled-1 copy

নগাঁও জিলাৰ কলিয়াবৰত পুনৰ সংঘটিত হৈছে মানৱতাক লজ্জানত কৰা এক ঘটনা। বিগত কিছুদিনৰ পৰা জিলাখনত সংঘটিত হোৱা চাঞ্চল্যকৰ ঘটনাসমূহৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ কলিয়াবৰত সংঘটিত হৈছে আন এক ধৰ্ষণৰ অপচেষ্টা।

জানিব পৰা অনুসৰি কলিয়াবৰৰ উলুৱনী থানাৰ অন্তৰ্গত গড়গুৰি এলেকাৰ এগৰাকী তিনিসন্তানৰ মাতৃক একে গাঁৱৰে ৰাজেন বৰুৱা নামৰ এজন লম্পটে সোমবাৰে ৰাতিপুৱা ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা চলায়।

বলাৎকাৰৰ অপচেষ্টাত বিফল হৈ মহিলাগৰাকীক ডিঙি চেপি হত্যাৰ চেষ্টা কৰাত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লগে লগে মহিলাগৰাকীৰ ঘৰত স্থানীয় ৰাইজ উপস্থিত হয়। ইফালে ৰাইজৰ ৰোষৰ বলি হোৱাৰ পূৰ্বে লম্পট ৰাজেন বৰুৱাই মহিলাগৰাকীৰ ঘৰৰ পৰা পলায়ন কৰে।

ইফালে শাৰিৰীক আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক স্থানীয় ৰাইজে ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায়। উল্লেখ্য যে এই ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা পলাতক হৈ আছে লম্পট ৰাজেন বৰুৱা।

আনহাতে অভিযুক্ত ৰাজেন বৰুৱাক যদিহে অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে তেন্তে স্থানীয় লোকে অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে অভিযুক্তৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ হুংকাৰ দিয়ে।