NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বনাথ চাৰিআলিত চিকিৎসালয়লৈ আহি থকা দুগৰাকী নাৰ্ছক ধৰ্ষণৰ চেষ্টা

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম May 3, 2020 11:11 am

বিশ্বনাথ চাৰিআলিত শনিবাৰে নিশা চিকিৎসালয়লৈ আহি থকা দুগৰাকী নাৰ্ছক ৰাজপথত আগচি ধৰি ধৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা ঘটনাই জিলাখন তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে কালি নিশা বিশ্বনাথ চাৰিআলিৰ দ’গাঁৱৰ ভাৰা ঘৰৰ পৰা খোজকাঢ়ি চিকিৎসালয়লৈ আহি থকা নাৰ্ছক কেইজনমান যুৱকে খেদি খেদি গৈ হাতত ধৰি টনা আজোৰা চলায়।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এটা পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই ঘটনা। ঘটনা সংঘটিত কৰা যুৱককেইজন পেট্ৰল পাম্পটোৰ কৰ্মচাৰী। আটাইকেইজনৰে ঘৰ বিহাৰত বুলি জানিব পৰ গৈছে।

নাৰ্ছ দুগৰাকীৰ অভিযোগ অনুসৰি তেওঁলোক পেট্ৰল পাম্পৰ সন্মুখ পাওতেই বাহিৰত জ্বলি থকা লাইট বন্ধ কৰি যুৱককেইজনে ধৰ্ষণৰ চেষ্টা চলাইছিল। কথমপি তাৰ পৰা দৌৰি গৈ তেওঁলোক চিকিৎসালয়ত উপস্থিত হয়। আনকি হতভম্ব হৈ অচেতন হৈ পৰা এগৰাকী নাৰ্চক প্ৰদান কৰিবলগীয়া হয় চিকিৎসা।

ইয়াৰ পিছতে স্থানীয় ৰাইজে পেট্ৰল পাম্পত সোমাই এজনক ধৰি গন প্ৰহাৰ দিয়ে যদিও বাকী কেইজন কৰ্মচাৰীয়ে পেট্ৰল পাম্প এৰি পলায়ন কৰে।

বিশ্বনাথ আৰক্ষীয়ে ধৰ্মেন্দৰ শৰ্মা, ৰাহুল পেটেল, অশোক সাহ আৰু গৌৰৱ পেটেল নামৰ পেট্ৰল পাম্পৰ চাৰিজন কৰ্মচাৰীক সোধা-পোছাৰ বাবে আটক কৰি তদন্ত আৰম্ভ কৰিছে।

নাৰ্ছ দুগৰাকী বিশ্বনাথ চাৰিআলিৰ জে কে হস্পিতালত কৰ্মৰত। দগাঁৱত ভাৰাতীয়া হিচাবে থকা যুৱতী দুগৰাকীৰ ঘৰ লক্ষিমপুৰৰ জিলাত।

উল্লেখযোগ্য যে চিকিৎসালয়খনত কৰ্মৰত বহু কেইগৰাকী নাৰ্ছ দগাঁৱত ভাৰাতীয়া হিচাবে থাকে আৰু তেওঁলোকক চিকিৎসালয়লৈ অহা-যোৱা কৰোতে প্ৰায়েই পেট্ৰল পাম্পৰ কৰ্মচাৰী কেইজনে অশালিন আচৰণ কৰি আহিছে।