NORTHEAST NOW (Assamese)

কপালত অমূল্য কিৰিটি; ৰেপাৰৰ প্ৰায় ১৭৫কোটি টকীয়া গুলপীয়া হীৰাৰ ৰহস্য কি?

February 6, 2021 5:07 pm · এন ই নাও নিউজ

লিল উজি ভাৰ্ট নামৰ আমেৰিকান ৰেপাৰ গৰাকীয়ে সমগ্ৰ বিশ্বৰে দৃষ্টি কাঢ়িছে এক অনন্য কীৰ্তিৰে। তেওঁ কপালত খোদিত কৰি লৈছে এটুকুৰা বৃহৎ গুলপীয়া হীৰা।

বাতৰি অনুসৰি, চকু কপালত উঠিবলগীয়া কথাটো হ’ল এই হীৰা টুকুৰাৰ মূল্য হৈছে বৃহৎ ২৪ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭৫কোটি টকা।

ৰেপাৰগৰাকীৰ প্ৰিয় অলংকাৰ ডিজাইনাৰ ইলিয়ট ইলিয়েনেটে লিলৰ বাবে আনিছে এই অমূল্য হীৰাখণ্ড।

লিল উজি ভাৰ্টৰ প্ৰকৃত নাম হৈছে ছিমেৰে বাইছিল উডছ। চলিত সপ্তাহৰ আৰম্ভণিতে তেওঁৰ কপালত খোদিত কৰি লোৱা এই হীৰাৰ তিলকে মুখমণ্ডলত শোভা কৰিছে। ইয়াৰ পাছতে তেওঁৰ কপালৰ কিৰিটিয়ে ইন্টাৰনেট জগতত ধুমুহাৰ সৃষ্টি কৰে।

‘’সৌন্দৰ্য্য যন্ত্ৰণা’’ কেপশ্যনেৰে ২৬বছৰীয়া শিল্পীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত বৃহৎ গুলপীয়া হীৰা খোদিত কপালৰ তিলকটো জিলিকি ৰৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত ইয়াৰ ১৩ মিলিয়ন ভিউ হৈছে আৰু ৮৭,০০০তকৈয়ো অধিক কমেন্টৰ আহিছে।

লিল উজি ভাৰ্ট খৰচী ঘড়ী, কাৰ তথা ডিজাইনাৰ পোছাকৰ চখৰ বাবে পৰিচিত যদিও তেওঁৰ এই হীৰা টুকুৰা আটাইতকৈ মূল্যবান ক্ৰয় কৰা সামগ্ৰী বুলি জানিবলৈ দিয়ে।

 

View this post on Instagram

 

A post shared by Marni Life( NO STYLIST)1600 (@liluzivert)

টুইটাৰত তেওঁ প্ৰকাশ কৰা মতে বিগত চাৰি বছৰে হীৰা টুকুৰাৰ নামত তেওঁ ব্যয় কৰিছে।

কিন্তু তেওঁ হীৰাখণ্ড আঙুঠিত নিপিন্ধি কিয় কপালত খোদিত কৰি ল’লে তেনে এক অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত লিলে কৈছে যে আঙুঠিটো হেৰাই যাব পাৰে যদিও কপালত খোদিত কৰাৰ বাবে ই হেৰুৱাৰ শংকা নাই।

তেওঁ ইয়াৰ বাবে অৱশ্যে বীমা কৰাৰ কথাও জানিবলৈ দিয়ে।

Related News