NORTHEAST NOW (Assamese)

আজি ৰাতি আকাশত দেখা যাব বিৰল ধুমকেতু! পুনৰ ১ লাখ ৬০ হাজাৰ বছৰ পিছতহে আকৌ দেখা যাব এই ধুমকেতু

January 13, 2025 4:27 pm · নৰ্থ ইষ্ট নাও অসমীয়া

আজি নিশাৰ আকাশত দেখা যাব এক বিৰল সৌৰ পৰিঘটনা। এনে এক ঘটনা, যিটো ১ লাখ ৬০ হাজাৰ বছৰত এবাৰ ঘটে!

জানিব পৰা মতে, এই উজ্জ্বল ধুমকেতুটোৰ নাম G3 Atlas [সম্পূৰ্ণ নাম: G3 ATLAS (C/2024)]। বিজ্ঞানী সকলে জনোৱা মতে এই ধুমকেতুটোৰ বাবে পৃথিৱীত এক অসাধাৰণ মুহূৰ্তৰ সৃষ্টি হব।

উল্লেখ্য যে ২০২৪ চনৰ ৫ এপ্ৰিলত চিলিৰ গ্ৰহাণু টেৰেষ্ট্ৰিয়েল-ইমপেক্ট লাষ্ট এলাৰ্ট চিষ্টেম (ATLAS) য়ে এই ধুমকেতুটো আৱিষ্কাৰ কৰে। প্ৰথমতে ইয়াৰ উজ্জ্বলতা অতি কম আছিল, মাত্ৰ +১৯ মাত্ৰাৰ উজ্জ্বল আছিল।

কিন্তু শেহতীয়া পৰ্যবেক্ষণত ধুমকেতুটোৰ উজ্জ্বলতা নাটকীয়ভাৱে বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ ২০২৫ চনৰ ২ জানুৱাৰীত হঠাতে হোৱা পৰিৱৰ্তনৰ পিছত ই যথেষ্ট উজ্জ্বল হৈ উঠিছিল।

বিজ্ঞানীসকলে অনুমান কৰিছে যে ই শুক্ৰ বা বৃহস্পতিৰ দৰে উজ্জ্বল গ্ৰহকো আগুৰি ধৰিব পাৰে। ই হয়তো প্ৰায় দুটা দশকৰ ভিতৰত আটাইতকৈ উজ্জ্বল ধুমকেতু হব পাৰে।

এই ধুমকেতুটো ইয়াৰ ফলত ধুমকেতুটো আকাশত প্ৰায় -৩.২ মাত্ৰাত অধিক উজ্জ্বল দেখা যাব। আজি ধুমকেতুটোৱে সূৰ্যৰ একেবাৰে কাষৰ কক্ষপথেদি গতি কৰিব।

দক্ষিণ গোলাৰ্ধৰ লোকসলকে সূৰ্যাস্তৰ কিছু সময়ৰ বাবে এই বিৰল দৃশ্য খালী চকুৰে চাব পাৰিব। কিন্তু উত্তৰ গোলাৰ্ধত ইয়াক তুলনামূলকভাৱে কম উজ্জ্বল দেখা যাব।

জ্যোতিৰ্বিজ্ঞানীসকলে ধুমকেতুটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। সূৰ্যৰ কাষ চাপি অহাৰ বাবেও ধুমকেতুটোৰ আয়ুসক লৈ প্ৰশ্ন উত্থাপন হৈছে, কিয়নো এনে স্থানত প্ৰায়ে বৃহৎ ধুমকেতুবোৰ ভাঙি যায়। ফলত আগন্তুক ১ লাখ ৬০ হাজাৰ বছৰৰ পাছত আচলতে ই ঘূৰি আহিব নে নাই সেয়া অনিশ্চিত।

Related News