NORTHEAST NOW (Assamese)

কলকাতাত এগৰাকী মহিলাৰ শৰীৰত বিৰল মানৱ কৰ’না ভাইৰাছ উদ্ধাৰ! দেখা যায় কি কি লক্ষণ?

March 18, 2025 3:27 pm · এন ই নাও নিউজ, গুৱাহাটী

পশ্চিম বংগৰ কলকাতাৰ এগৰাকী ৪৯ বছৰীয়া মহিলা মানৱ কৰনা ভাইৰাছ HKU1ত আক্ৰান্ত। চিকিৎসালয়খনৰ মতে, ১৫ দিন ধৰি ধাৰাবাহিক জ্বৰ অনুভৱ কৰি ৰোগীগৰাকীক ভৰ্তি কৰোৱা হয়। যোৱা ৩০ দিনত ৰোগীজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী পোৱা নগল।

দক্ষিণ কলকাতাৰ গৰিয়াৰ মহিলাগৰাকী বৰ্তমান চিকিৎসা গ্ৰহণ কৰি থকাৰ লগতে তেওঁৰ অৱস্থা সুস্থিৰ।

কলকাতাৰ আৰ এন ঠাকুৰ হাস্পতালৰ চিকিত্সাধীন চিকিৎসক ডাঃ অৰিন্দম বিশ্বাসে কয়,প্ৰথম অৱস্থাত ছেকেণ্ডাৰী নিউমোনিয়া ধৰা পৰিছিল। যোৱা ১৫ দিন ধৰি তাই উচ্চ জ্বৰত ভুগি আছিল। ৰোগীজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। এইটো SARS-CoV-2ৰ সৈতে কোনো সম্পৰ্ক নাই, কিন্তু ই কনা ভাইৰাছৰ আন এটা প্ৰজাতি, HKU-1আমি এন্টিবায়টিকৰ উচ্চ মাত্ৰা প্ৰদান কৰিছো, আৰু মঙলবাৰে তেঁওক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে।

বিশেষজ্ঞসকলে কয় যে এই ভাইৰাছ কমেও দুটা দশক ধৰি জনাজাত আৰু ইয়াৰ কোনো ব্যাপক সংক্ৰমণৰ সম্ভাৱনা কম।

HUMAN CORONAVIRUS কি?

সাধাৰণতে হিউমেন কৰনা ভাইৰাছ HKU1 (HCoV-HKU1) নামেৰে জনাজাত Betacoronavirus hongkonense নামৰ ভাইৰাছৰ সংক্ৰমণ কৰনা পৰিয়ালৰ এটা অংশ যিয়ে মানুহ আৰু প্ৰাণীক আক্ৰান্ত কৰে।

Covid-19 ভাইৰাছ, SARS-CoV-2 ৰ দৰে নতুন ভাইৰাছ নহয়। এইচ কে ইউ১ নামৰ আৰ এন এ ভাইৰাছটোৰ নাম হংকং বিশ্ববিদ্যালয়ৰ নামেৰে ৰখা হৈছিল যত ইয়াৰ প্ৰথম বৰ্ণনা ২০০৪ চনত কৰা হৈছিল।

আই এম এ কোচিনৰ বৈজ্ঞানিক সমিতিৰ অধ্যক্ষ ডাঃ ৰাজীৱ জয়াদেৱনে আই এন এছক জনায় যে, এইচ কে ইউ ১ কৰোনা গোটৰ অন্তৰ্গত কেইবাটাও সাধাৰণ চৰ্দি কাৰণ ভাইৰাছৰ ভিতৰত অন্যতম। ই কভিড-১৯ৰ সৈতে একে নহয় আৰু নতুন ভাইৰাছ নহয়।

বিশ্বব্যাপী অধ্যয়নত দেখা গৈছে যে বেছিভাগ শিশুৱে ৩-৪ বছৰ বয়সলৈকে HKU1ৰ পৰা অন্ততঃ এটা সংক্ৰমণ ঘটিছে।

ডাঃ জয়দেৱনে কয়, ‘বেছিভাগ শিশুৱেই ডাঙৰ হৈ থাকোঁতে এই ভাইৰাছৰ সংস্পৰ্শলৈ আহে।

২০২১ চনৰ এটা অধ্যয়ন অনুসৰি, ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল মাইক্ৰবায়লজীত প্ৰকাশিত, ছাৰ গংগা ৰাম হাস্পতালে, HKU1 ৰ লগতে NL63, OC43, 229E য়ে ২৫০ জন শিশুৰ এটা গোটত ৪.৩% সংক্ৰমণ ঘটায়।

Related News