NORTHEAST NOW (Assamese)
Popular Stories

এচি দবাত নিগনিৰ মুক্ত বিচৰণ! টিকটৰ বাবে ২০০০ টকা পৰিশোধ কৰিও শুবলৈ নাপালে যাত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2025 8:39 am

দুহাজাৰ টকাত এচি টু-টায়াৰৰ টিকট এটা কিনি এক্সপ্ৰেছ ট্ৰেইনত উঠিল। কিন্তু কোনে জানিছিল এনে পৰিস্থিতি হব! এজন যুৱকে এচি বাত আৰামত যাত্ৰা কৰিব বুলি কোৱাৰ পাছতো নিগনিৰ উপদ্ৰৱৰ বাবে গোটেই ৰাতিটো টোপনি নোহোৱাকৈ কটাবলগীয়া হয়। শান্তিৰে নিজৰ আসনত বহিবলৈও সুযোগ নাপালে। ইয়াৰ পাছতে তেওঁ সমগ্ৰ ঘটনাটো ৰেকৰ্ড কৰি ভাৰতীয় ৰেলৱেৰ কৰুণ ছবিখন নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে।

সূত্ৰ অনুসৰি ১৩২৮৮ নম্বৰৰ দক্ষিণ বিহাৰ এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা। প্ৰশান্ত কুমাৰ নামৰ যুৱকজনে দুহেজাৰ টকাৰ টিকট ক্ৰয় কৰি এচি টু-টয়াৰৰ ৰেলত উঠাৰ অভিযোগ উত্থাপন কৰে। যদিও প্ৰথমতে কোনো অসুবিধা নাছিল, তথাপিও ৰেলৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ ডাঙৰ বিপদৰ সন্মুখীন হবলগীয়া হৈছিল। এক্সপ্ৰেছ ট্ৰেইনৰ ডবাটোত কেইবাটাও নিগনি দৌৰি ফুৰা দেখা গৈছে

এক্স হেণ্ডেলত পোষ্ট কৰি যুৱকজনে অভিযোগ কৰিলে যে আসনৰ তলত, আনকি কেইবাখনো আসনৰ মাজতো নিগনি ঘূৰি ফুৰিছে। কিছুমান তেওঁৰ বেগটোৰ ওপৰতো পৰি আছিল।

বিষয়টো লক্ষ্য কৰাৰ লগে লগে ৰেলৰ কৰ্মচাৰীসকলক খবৰ দিয়া হয়। অভিযোগ অনুসৰি তেওঁলোকে আহি গোটেই কোঠাটোত স্প্ৰে কৰিছিল। অভিযোগ অনুসৰি, যেতিয়া ৰেলৱে কৰ্মীসকলে এই বিষয়টো ঢাকিবলৈ স্প্ৰে কৰিছিল, তেতিয়া যাত্ৰীসকলে নিগনিৰ আক্ৰমণ আৰু স্প্ৰেৰ গোন্ধৰ বাবে উশাহ লবলৈ কষ্ট অনুভৱ কৰিছিল। ইয়াৰ বিপৰীতে কাঁচেৰে আবদ্ধ এচি কম্পাৰ্টমেণ্টত যাত্ৰীসকলে শ্বাসৰুদ্ধ হোৱাৰ আশংকাত ভুগিছিল।

যুৱকজনে অভিযোগ কৰে যে যেতিয়া তেওঁ ততাতৈয়াকৈ ১৩৯ নম্বৰ ৰেলৱেৰ হেল্পলাইনত এই বিষয়ে অৱগত কৰে তেতিয়া একাংশ শ্ৰমিক আহি ৰিপেলেণ্ট স্প্ৰে আৰু ঝাড়ুৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও ইয়াৰ ফলত পৰিস্থিতি আৰু বেয়া হৈ পৰে। শেষত নিগনিৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ তেওঁলোকক আসনৰ তলত নিগনি ধৰিবলৈ আঠাযুক্ত পেড লবলৈ দিয়া হল।

এই পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হবলৈ বেছি সময় নালাগিল। ভিডিঅটো পোহৰলৈ অহাৰ লগে লগে নেটিজেনে ভাৰতীয় ৰেলৱেক সমালোচনা কৰিবলৈ আৰম্ভ কৰে। এজন ব্যক্তিয়ে লিখিছে, “এচি হওক বা জেনেৰেল হওক, ভাৰতীয় ৰেলৱেত সকলোতে সমস্যা আছে। বহুতে দুৰ্বিষহ অভিজ্ঞতা লৈ যাত্ৰা কৰিবলৈ বাধ্য হয়।”