NORTHEAST NOW (Assamese)

টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰিলে জীয়ৰী ৰাসাই, ইনষ্ট্ৰাগামত অভিনেত্ৰী ৰবীনা টেণ্ডনৰ উল্লাস

February 27, 2021 1:11 pm · এন ই নাও নিউজ
Updated: February 27, 2021 2:11 pm

টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰিলে বলিউদৰ একালৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনৰ জীয়ৰী ৰাসা ঠাণ্ডানীয়ে।

শনিবাৰে ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে ৰাসাৰ স’তে উঠা এখনি ফটো আপলোড কৰি অনুৰাগীসকলক এই কথা জানিবলৈ দিছে।

ফটোৰ লগতে টাইকোৱাণ্ডোৰ চাৰ্টিফিকেটখনো তেওঁ অনুৰাগীসকলক প্ৰদৰ্শন কৰিছে।

ৰবীনাই লিখিছে যে জীয়ৰীয়ে ব্লেক বেল্ট লাভ কৰাক লৈ তেওঁ গৰ্বিত। তেওঁ লিখিছে- ‘‘মেৰি বেটী ব্লেকবেল্ট! প্ৰাউড অৱ ইউ!’’

ৰবীনাৰ অনুৰাগীসকলে তেওঁ আৰু ৰাসাক অভিনন্দন জনাই কৈছে যে যে মাকতকৈও জীয়ৰী দেখিবলৈ বেছি ধুনীয়া!

মাৰ্চিয়েল আৰ্টৰ উপৰিও ৰাসাই বক্সিঙৰো এগৰাকী ছাত্ৰী। ২০১৯ চনৰ জানুৱাৰী মাহত ৰবীনাই ইনষ্টাগ্ৰামত ৰাসাই বক্সিং অনুশীলন কৰি থকাৰ এটা ভিডিঅ’ আপলোড কৰিছিল।

উল্লেখযোগ্য যে ৪৬ বছৰত ভৰি দিয়া ৰবীনাই ২০০৪ চনত অনিল ঠাণ্ডানীৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল। দুটাকৈ সন্তানৰ মাতৃ অভিনেত্ৰীগৰাকীয়ে দুটাকৈ শিশুক তোলনীয়া সন্তান হিচাপেও ১৯৯৫ চনত দায়িত্ব লৈছিল।

নবৈ দশকৰ বলিউদত দপদপাই থকা ৰবীনা টেণ্ডনে শেহতীয়াকৈ কানাড়া চিনেমা কেজিএফ২ৰ শ্বুটিঙত ব্যস্ত আছে।

Related News