NORTHEAST NOW (Assamese)

গণশিল্পী জুবিন গাৰ্গৰ মহা প্ৰয়াণত অনুৰাগীৰ মৰম-আদৰ অতুলনীয়ঃ প্ৰসিদ্ধ জেষ্ঠ সাংবাদিক ৰবিশ কুমাৰ

September 22, 2025 7:34 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ প্ৰসিদ্ধ জেষ্ঠ সাংবাদিক ৰবিশ কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ বিষয়ে হিন্দী দৰ্শকে নজনাটো পৰিতাপৰ কথা। যিজন শিল্পীৰ মৃত্যুত জাতি ধৰ্ম পাহৰি সমগ্ৰ অসমৰ জনসাধাৰণে  প্ৰিয় শিল্পী গৰাককীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে। অসমত যি জনসমূদ্ৰৰ সৃষ্টি হৈছে সেয়া এক বিৰল দৃশ্য।   

ৰবিশ কুমাৰে কয় যে এতিয়া, মই সঁচাকৈয়ে বুজিব বিচাৰিছো যে জুবিনে তেওঁৰ গীতৰ বাবে বেছি মৰম পাইছিল নে তেওঁৰ আচৰণৰ বাবে। আমি সকলোৱে ধৰি লৈছো যে অতুলনীয় কণ্ঠৰে ধন্য এই গায়কগৰাকীয়ে সকলোৰে হৃদয় জয় কৰিছে। কিন্তু অসমত সমবেত হৈ শোকত ম্ৰিয়মান বৃহৎ সংখ্যক লোক, সেয়া কেৱল ভাল গান গোৱাই নহয়; তেওঁৰ ভাল ব্যক্তিত্ব আৰু ভাল আচৰণৰ বাবেই নিশ্চয় এইদৰে প্ৰিয় শিল্পী গৰাকীক অন্তিম বিদায় দিবলৈ ওলাই আহিছে।

তেওঁ আৰু কয় যে জুবিনে নিশ্চয় অসমৰ ৰাইজৰ মাজত নিজকে বিলাই দিছিল। আৰু এইটো এটা ৰাতিৰ ভিতৰতে হোৱা নাই। বহুত সময় লাগে যিটো লক্ষ্য নকৰে। অসমৰ লগত পৰিচিত সকলেহে এই কথা বুজাব পাৰিব। জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কভাৰেজ নাপালে বুলি মানুহে অভিযোগ কৰিছে, কিন্তু তেওঁলোকে বুজিব লাগিব যে ভাৰতত কোনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নাই। নামমাত্ৰ সংবাদ মাধ্যমহে আছে। বাকীবোৰ গোদি মিডিয়া। তেওঁ প্ৰশন কৰে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিলেও জুবিন গাৰ্গৰ অসমীয়া সমাজৰ লগত কিয় ইমান গভীৰ সম্পৰ্ক আছিল সেই কথা বুজাই দিলেহেঁতেন নে? মাত্ৰ এটা ছুপাৰহিট গীতেৰে এই কাম সম্পন্ন কৰিব নোৱাৰি।

https://www.facebook.com/share/v/1GgP1J6x7j

Related News