NORTHEAST NOW (Assamese)
Popular Stories

ক’লৈ যাব? চলিত আই পি এল শেষ হোৱাৰ পিছতে মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2024 3:01 pm

প্ৰাক্তন ক্ৰিকেটাৰ অম্বতি ৰায়ডুৱে মুম্বাই ইণ্ডিয়ানছত ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ সংঘাতৰ বিষয়ে মুকলিকৈ কৈছে। ৰায়ডুৱে ৰোহিতৰ সৈতে মুম্বাই ইণ্ডিয়ানছ আৰু ৰাষ্ট্ৰীয় দলত খেলিছিল। সেয়ে, তেওঁ মুম্বাই ইণ্ডিয়ানছৰ প্ৰাক্তন অধিনায়কজনক ওচৰৰ পৰা দেখিছিল। ৰায়ডুৱেও হাৰ্দিকৰ সৈতেও খেলিছিল। কিন্তু এই বিতৰ্কত তেওঁ ৰোহিতৰ কাষত থিয় দিছে।

আই পি এল সম্প্ৰচাৰ কৰা টেলিভিছন চেনেল ষ্টাৰ স্প’ৰ্টছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰায়ডুৱে কয় যে ৰোহিতে কি কৰিব সেইটো সিদ্ধান্ত ল’ব। য’লৈ যাব বিচাৰে তাতেই যাব। সকলো দলে তেওঁক লৈ যাব বিচাৰিব। সকলোৱে তেওঁক দলত অধিনায়ক হিচাপে ৰাখিব বিচাৰিব।

ৰায়ডুৱে কয়, `ৰোহিতে কোনটো দলৰ হৈ খেলিব সেইটো তেওঁ সিদ্ধান্ত ল’ব। মই নিশ্চিত, ৰোহিতে এনে এটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিব বিচাৰিব যিয়ে মুম্বাই ইণ্ডিয়ানছতকৈ উন্নত ব্যৱহাৰ লাভ কৰিব।’

পৰৱৰ্তী আই পি এলত লক্ষ্ণৌত যাব নেকি ৰোহিত? এইবাৰৰ আই পি এলৰ পিছত সঁচাকৈয়ে যদি মুম্বাই ইণ্ডিয়ানছৰ সৈতে ৰোহিতৰ সম্পৰ্ক ভাঙি যায়, তেন্তে তেওঁ লক্ষ্ণৌ ছুপাৰ জায়েন্টছত যোগদান কৰিব নেকি? এই সম্ভাৱনাক লৈ ক্ৰিকেট মহলত আলোচনা আৰম্ভ হৈছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছেও ৰোহিতক দললৈ অনাৰ ইচ্ছা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ এই ফ্ৰেঞ্চাইজিৰ ইউটিউব চেনেলত এটা প্ৰশ্নৰ উত্তৰত মুখ্য প্ৰশিক্ষক, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেটছমেন জাষ্টিন লেংগাৰে কয়, ‘ৰোহিত শৰ্মা? হাহাহা, আমি তেওঁক মুম্বাইৰ পৰা আমাৰ দললৈ লৈ আনিম। এই বিষয়ত আপোনালোকে মধ্যস্থতা কৰিব লাগিব।

আই পি এলৰ নিলামত থাকিবনে ৰোহিত? ১৬ এপ্ৰিলত বিচিচিআইৰ বিষয়াসকলে আইপিএলৰ ফ্ৰেঞ্চাইজিৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হব। অহা ছিজনৰ আই পি এলৰ পূৰ্বে এই বৈঠকত মেগা নিলামৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে। যদিহে ৰোহিতক মুম্বাই ইণ্ডিয়ানছে ধৰি ৰাখিব নোৱাৰে তেন্তে তাৰকা বেটছমেনগৰাকীক লৈ নিলামত তীব্ৰ যুঁজ দেখা যাব পাৰে।