NORTHEAST NOW (Assamese)

বিৰাট কোহলী আৰু ভিলিয়াৰ্ছৰ আদৰণীয় পদক্ষেপ; এনেদৰে ক’ভিড যোদ্ধাক জনালে সন্মান

September 22, 2020 12:52 pm · এন ই নাও নিউজ
Updated: September 22, 2020 6:20 pm

২০২০ বৰ্ষৰ আৰম্ভণিৰে পৰা সমগ্ৰ বিশ্ব যুঁজ দি আছে মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে। এই মহামাৰীৰ ফলত হাজাৰ হাজাৰ চিকিৎসকৰ লগতে ১০ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

ক’ভিডৰ ফলত প্ৰাণ হেৰুওৱা এই সকল লোকক এতিয়া শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে আই পি এলৰ ১৩ সংখ্যক সংস্কৰণটিত ভাগ লোৱা দল সমূহে।

আৰ চি বিৰ অধিনায়ক বিৰাট কোহলী, ভিলিয়াৰ্ছকে ধৰি আন কেইবা গৰাকীও ক্ৰিকেটাৰে ক’ভিড যোদ্ধাসকলৰ প্ৰতি বিশেষ সন্মান প্ৰদৰ্শন কৰি নিজৰ নিজৰ টুইটাৰ হেণ্ডেলৰ নাম সলনি কৰিছে।

ক’ৰ’নাই সংহাৰী ৰূপ ধাৰণ কৰা সময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ক’ভিড যোদ্ধাৰ প্ৰতি সন্মান জনাই কোহলীয়ে সোমবাৰে নিজৰ টুইটাৰ হেণ্ডেলৰ নাম সলাই সিমৰণজিৎ সিং কৰিছিল।

আনহাতে দলটোৰ আন এগৰাকী বিস্ফোৰক বেটছমেন এ বি ডি ভিলিয়াৰ্ছে টুইটাৰ হেণ্ডেলত নিজৰ নামৰ ঠাইত পাৰিতোষ পণ্ট লিখি লৈছিল।

সোমবাৰে হায়দৰাবাদৰ বিৰুদ্ধে খেলা মেচখনত আৰ চি বিৰ খেলুৱৈসকলে “মাই ক’ভিড হিৰ”’ বুলি লিখা জাৰ্চি পৰিধান কৰিছিল।

উল্লেখ্য যে চণ্ডীগড়ৰ সিমৰণজিৎ সিঙে ক’ৰ’নাৰ বাবে দিয়া লকডাউনৰ সময়ত দুখীয়া লোকসকলৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।

Related News