NORTHEAST NOW (Assamese)

নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ভিলিয়াৰ্ছৰ বিস্ফোৰণ; আৰ চি বিৰ সহজ জয়

October 13, 2020 8:49 am · এন ই নাও নিউজ

সোমবাৰে আই পি এলৰ এখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ষ্টাৰ বেটছমেন এ বি ডি ভিলিয়াৰ্ছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৭৩ ৰানৰ বিস্ফোৰক ইনিংছ খেলে।

যাৰ বাবে বেংগালুৰুৱে কলকাতাক ৮২ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

ভিলিয়াৰ্ছে মাত্ৰ ৩৩টা বলত এই বিস্ফোৰক ইনিংছটো খেলে য’ত পাঁচটা চাৰি আৰু ছয়টা বিশাল ছয় কোবায়। ভিলিয়াৰ্ছে কোবোৱা এটা বল ছাৰজাহ ষ্টেডিয়াম পাৰ হৈ ৰাস্তাত পৰে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটছমেন গৰাকীৰ বিস্ফোৰক ইনিংছৰ সহায়তে বেংগালুৰুৱে নাইট ৰাইডাৰ্ছৰ সন্মুখত ১৯৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

প্ৰত্যুত্তৰত দীনেশ কাৰ্তিক নেতৃত্বাধীন নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত ২০ অভাৰত মাত্ৰ ১১২ ৰানহে কৰিবলৈ সক্ষম হয় আৰু মেচখন বিৰাট কোহলী বাহিনীয়ে সহজে জয়ী হয়।

প্ৰতিযোগিতাখনত সাতখন মেচ খেলা বেংগালুৰুৰ এয়া পঞ্চম বিজয় আৰু দলটোৱে ১০ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে।

ইফালে সম সংখ্যক মেচ খেলা কলকাতাৰ এয়া তৃতীয় পৰাজয় আৰু দলটোৱে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে।

উল্লেখ্য যে কোহলীৰ সৈতে হোৱা ৪৬টা বলৰ ১০০ ৰানৰ পাৰ্টনাৰশ্বিপত ভিলিয়াৰ্ছে অকলেই ৩৩টা বল খেলে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে ভিলিয়াৰ্ছৰ ইনিংছটো কিমান বিস্ফোৰক আছিল।

অন্তিম পাঁচ অভাৰত ভিলিয়াৰ্ছ আৰু কোহলীয়ে মিলি ৮৩ ৰান সংগ্ৰহ কৰে।

Related News