NORTHEAST NOW (Assamese)
অসম

৭ ডিচেম্বৰত শিৱসাগৰৰ দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ

December 6, 2018 5:29 pm

৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত বেলেট পেপাৰ বিসংগতিৰ বাবে বাতিল হোৱা শিৱসাগৰ নিৰ্বাচন জিলাৰ দুটা ভোট গ্ৰহণ কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যিক নিৰ্বাচন আয়োগে বাতিল হোৱা কেন্দ্ৰ দুটাত অহা ৭ ডিচেম্বৰত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ দিয়ে।

নিৰ্দেশ অনুসৰি শিৱসাগৰ জিলাৰ অন্তৰ্গত আমগুৰি বিধানসভা সমষ্টিৰ ১৩ নং দোপদৰ জিলা পৰিষদৰ অন্তৰ্গত ৮৪ নং কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয় আৰু ৮৯ পুৰণি লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত ৭ ডিচেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে কালি অৰ্থাৎ ৫ ডিচেম্বৰত অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত উক্ত দুটা ভোট গ্ৰহণ কেন্দ্ৰত বেলেট পেপাৰৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ প্ৰক্ৰিয়া আধাতে বাতিল কৰা হৈছিল।

এই সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছতে ভোট গ্ৰহণ কেন্দ্ৰ দুটাত ৰাজ্যিক নিৰ্বাচন আয়োগৰ শিৱসাগৰ নিৰ্বাচন জিলাৰ পৰ্য্যবেক্ষক ভাৰত ভূষণ দেৱ চৌধৰীয়ে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। এই কথা এক প্ৰেছ বিবৃতিৰ জৰিয়তে শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনা হানাই জানিবলৈ দিয়ে।