NORTHEAST NOW (Assamese)

আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলে বিপিএফ সাজু : হাগ্ৰামা মহিলাৰী

February 26, 2021 12:37 pm · এন ই নাও নিউজ

অসম বিধানসভা নির্বাচনৰ পূৰ্বে, বডোলেণ্ড পিপলচ পাৰ্টি (বিপিএফ)-ৰ সভাপতি হাগ্ৰামা মহিলাৰী কৈছে যে তেওঁৰ দলে বিজেপি আৰু ইয়াৰ মিত্ৰদলসমূহক বাদ দি বাকী আঞ্চলিক দলসমূহৰ স’তে হাত মিলাবলৈ সাজু।

বডেলেণ্ড টেৰিটৰিয়েল কাউন্সিল (এতিয়াৰ বি.টি.আৰ.)ৰ প্ৰাক্তন মুৰব্বী মহিলাৰীয়ে কয় যে বিপিএফে বি.টি.আৰ.ৰ ১২ টা সমষ্টিৰ আটাইকেওটা সমষ্টিতে প্ৰাৰ্থীত্ব আগবঢ়াব।

বৃহস্পতিবাৰে উদালগুৰিত অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ এখনি সভা পৰিচালনা কৰি এই কথা জানিবলে দিয়ে।

তেওঁ দলৰ সদস্যসকলক নতুন উদ্যম আৰু লক্ষ্যৰে দলৰ কাম কৰিবলৈ অনুপ্ৰেৰণা  যোগায়।

‘‘ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অন্যান্য আঞ্চলিক দলসমূহৰ স’তে আলোচনা চলি আছে আৰু সোনকালেই এটা ফলাফল পোৱা যাব।’’ মহিলাৰীয়ে কয়।

বিপিএফ নেতা তথা কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্ম, প্ৰমীলা ৰাণী ব্ৰহ্ম, জ্যেষ্ঠ নেতা প্ৰবীণ বড়ো, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু অল বড়ো ৱ’মেনছ জাষ্টিছ ফ’ৰামৰ সভাপতিও অনুষ্ঠানটোত উপস্থিত থাকে।

Related News