NORTHEAST NOW (Assamese)

কোভিড প্ৰট’কল ভংগৰ অপৰাধত ৰিয়েল মাদ্ৰিদৰ ষ্ট্ৰাইকাৰ লুকা জ’ভিকক কাৰাদণ্ড

October 24, 2020 2:15 pm · এন ই নাও নিউজ
লুকা জ'ভিক

বিশ্বৰ প্ৰসিদ্ধ ফুটবল ক্লাৱ ৰিয়েল মাদ্ৰিদৰ তাৰকা চাইবেৰিয়ান ফুটবলাৰ লুকা জ’ভিকক কোভিড প্ৰট’কল ভংগ কৰাৰ অপৰাধত ছয় মাহ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

লুকা জ’ভিকক চাইবেৰিয়ান চৰকাৰে কোভিড প্ৰট’কলৰ অন্তৰ্গত বাধ্যতামূলক আইছ’লেশ্যনৰ নিয়ম ভংগ কৰাৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।

বিগত মাৰ্চ মাহত নিজ দেশ চাইবেৰিয়াত থকা সময়তে লুকা জ’ভিকে আইছ’লেশ্যনৰ নিয়ম ভংগ কৰিছিল।

ৰিয়েলৰ ষ্ট্ৰাইকাৰ গৰাকীক নিজ দেশত আইছ’লেশ্যনৰ নিয়ম ভংগ কৰি এটা জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজপথত দেখা পোৱা গৈছিল।

উক্ত সময়ছোৱাত লুকাক ১৪ দিনৰ বাবে বাধ্যতামূলকভাৱে আইছ’লেশ্যনত থকাৰ বাবে নিৰ্দেশ দিয়া হৈছিল।

স্থানীয় প্ৰশাসনে কোভিড প্ৰট’কল ভংগ কৰাৰ অপৰাধত ফুটবলাৰ গৰাকীক আদালতলৈ লৈ যায় আৰু আদালতত ফুটবলাৰ গৰাকীয়ে জৰিমণা আদায় দিয়াৰ বাবে অমান্তি হোৱাত আদালতে তেওঁক ছয় মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

Related News