NORTHEAST NOW (Assamese)
Popular Stories

আপোনাৰ কাষ চাপিব নিবিচাৰে নেকি স্বামীয়ে? কিন্তু কিয় জানেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 19, 2023 3:22 pm

বিবাহৰ এটা অন্যতম দৰকাৰী উদ্দেশ্য বা প্ৰাকৃতিক নিয়ম হ’ল শাৰীৰিক সম্পৰ্ক গঢ়া। বৈবাহিক জীৱনত নিয়মীয়া যৌন সম্পৰ্ক বৰ্তাই ৰখাটো খুবেই প্ৰয়োজনীয়।

যদিহে বিবাহিত জীৱনত নিয়মীয়া যৌন সম্পৰ্ক নাথাকে তেন্তে ই সংসাৰৰ এক ৰমণীয় আনন্দৰ পৰা আঁতৰাই লৈ যায় আৰু জীৱনটো একাকী কৰি তুলিব পাৰে। যৌনতা বা শাৰীৰিক সম্পৰ্ক কেৱল সন্তান জন্ম দিবৰ বাবেই নহয়, মানসিক আনন্দ আৰু শাৰীৰিক প্ৰয়োজনীয়তা পূৰণৰ বাবেই ই অতি গুৰুত্বপূৰ্ণ।

 

নিয়মীয়া যৌন সম্পৰ্কই পতিপত্নীৰ মাজত এটা প্ৰেমৰ সম্পৰ্ক বজাই ৰখাৰ লগতে দুয়োকে মানসিক আৰু শাৰীৰিকভাবেও সুস্থ হৈ থকাত সহায় কৰে।

যদিহে আপুনি এগৰাকী মহিলা আৰু আপোনাৰ প্ৰেমিক বা স্বামীয়ে আপুনি বিচৰা ধৰণে সঘনাই যৌন সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে, তেন্তে আপুনি হয়তো ভাবে যে ইয়াৰ কাৰণ কি? আপুনি হয়তো ভাবে যে তেওঁৰ যৌন ক্ষমতা কম। কিন্তু যৌন সম্পৰ্ক স্থাপন কৰাৰ ইচ্ছা নোহোৱাৰ কাৰণটো সদায় যৌন অক্ষমতা নহ’বও পাৰে।

কিন্তু কিহৰ বাবে এজন পুৰুষৰ সম্ভোগৰ প্ৰতি আগ্ৰহৰ অভাৱ হ’ব পাৰে? নিশ্চিতভাৱে বয়সৰ লগত ইয়াৰ কিবা সম্পৰ্ক থাকিব পাৰে ?

আচলতে বহু দম্পতীয়ে বৃদ্ধাৱস্থালৈকে নিয়মিত যৌন সম্পৰ্কৰ আনন্দ লয়। কেৱল বয়সৰ বাবেই সদায় পুৰুষৰ যৌনতাৰ প্ৰতি আগ্ৰহ কমি যাব নোৱাৰে।

বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যজনিত অৱস্থাৰ পৰা আৰম্ভ কৰি সম্পৰ্কৰ সমস্যালৈকে, আপোনাৰ সংগীয়ে শাৰীৰিক সম্পৰ্ক কৰিবলৈ আগ্ৰহ অনুভৱ নকৰাৰ বহু কাৰণ আছে। গতিকে আপোনাৰ স্বামী বা প্ৰেমিকে সম্পৰ্ক স্থাপন কৰিবলৈ ইচ্ছা নকৰিলে সম্পৰ্কটোত আঁচুৰ পৰিবলৈ নিদিয়াকৈ প্ৰথমে এই কেইটা কথা লক্ষ্য কৰক। হয়তো এনে কৰিলে সমস্যাৰ সমাধান ওলাব।

পুৰুষৰ যৌন ইচ্ছা হ্ৰাস পোৱাৰ কেইটামান কাৰণ তলত উল্লেখ কৰা হ’ল

/ কৰ্মজীৱনত চাপ

যেতিয়া এজন ব্যক্তিৰ ওপৰত অত্যাধিক শাৰীৰিক বা মানসিক কৰ্মৰ বোজা পৰে তেতিয়া তেওঁৰ জৈৱিক ইচ্ছা আকাংক্ষা হ্ৰাস হ’ব পাৰে। তদুপৰি যেতিয়া এজন ব্যক্তি কোনো এটা কাম বা নিজৰ কেৰিয়াৰৰ লগত বৰ বেছি আৱেগিকভাবে জড়িত হৈ পৰে তেতিয়া যৌন সম্ভোগ বা পত্নীৰ সুখদুখৰ কথাবোৰ তেওঁৰ বাবে গুৰুত্বহীন হৈ পৰে। গতিকে এনে হ’লে আপুনি আপোনাৰ স্বামীক বুজাওক। কাম আৰু বৈবাহিক জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰাত সহযোগ কৰক। তেখেতক বুজাই কওঁক যাতে তেখেতে শোৱা কোঠালৈ আহোঁতে দুৱাৰৰ বাহিৰতে কৰ্মজীৱন এৰি থৈ আহে আৰু শোৱা কোঠাত সাংসাৰিক আনন্দ লয়।

/ নিম্ন মাত্ৰাৰ টেষ্ট’ষ্টেৰন

২০১৬ চনত ইউৰ’লজীত প্ৰকাশিত এক পৰ্যালোচনা অনুসৰি বয়সৰ লগে লগে শৰীৰত টেষ্ট’টেৰনৰ মাত্ৰা কমি আহে। ৩০ বছৰ বয়সৰ পিছত বছৰি ০.৪ ৰ পৰা ২ শতাংশলৈকে টেষ্ষ্টে”ৰনৰ মাত্ৰা দ্ৰুতগতিত হ্ৰাস পায়। আৰু প্ৰায় ১৩ শতাংশ পুৰুষৰ হাইপ’গ’নাডিজম হয়, যিটো হৈছে পৰ্যাপ্ত পৰিমাণৰ টেষ্ট’ষ্টেৰন উৎপাদন কৰিব নোৱাৰা। টেষ্ট’ষ্টেৰনৰ মাত্ৰা কম হোৱা ফলত ৯৭ শতাংশ পুৰুষৰ যৌন জীৱনত নেতিবাচক প্ৰভাৱ পৰে।

সৌভাগ্যক্ৰমে এই অৱস্থাৰ চিকিৎসা হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী, ষ্ট্ৰেছ মেনেজমেণ্ট, আৰু কাউন্সেলিঙৰ দ্বাৰা কৰিব পাৰি। গতিকে এনে অৱস্থাত এবাৰ চিকিৎসকৰ ওচৰলৈ যাওক।

/ পুৰুষৰ ৰজোনিবৃত্তি

মেয়’ ক্লিনিকৰ মতে, চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা “এণ্ড্ৰ’প’জ” বুলি কোৱা “পুৰুষৰ ৰজোনিবৃত্তি” শব্দটোৱে পুৰুষৰ বয়সৰ লগত জড়িত টেষ্ট’ষ্টেৰনৰ মাত্ৰা হ্ৰাস পোৱাৰ কথা বৰ্ণনা কৰে। ক্লিনিকেল চাইক’লজিষ্ট তথা লেখিকা ডাঃ কাৰ্লা মেনলীয়ে কয় যে ৪০ বছৰ বয়সত বহু পুৰুষৰ যৌন ইচ্ছা কমি আহে। গতিকে লাহে লাহে বৈবাহিক জীৱনত সম্ভোগৰো মাত্ৰা কমি আহিবলৈ ধৰে।

/ পৰ্ণগ্ৰাফীৰ পৰা পোৱা তৃপ্তি

সুস্থ যৌন সম্পৰ্কত থকা বহু লোকে পৰ্ণ ভিডিঅ’ উপভোগ কৰে যদিও আপোনাৰ সংগীৰ পৰ্ণৰ আসক্তি গঢ় লৈ উঠিলে আপুনি বিপদত পৰিব পাৰে। ছিয়াটলৰ মনোবিজ্ঞানী তথা ‘ক্ৰেজি গুড চেক্স’ৰ লেখক লেছ পেৰ’টে কয় যে, যেতিয়া পৰ্ণৰ প্ৰতি আসক্ত হৈ পৰে তেতিয়া এজন পুৰুষে নিজৰ পত্নীৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে পৰ্ণগ্ৰাফীৰ ওপৰত নিৰ্ভৰ কৰি উত্তেজিত হয়। কাৰণ পৰ্ণ চোৱাৰ সময়ত পুৰুষৰ মগজুত উৎপন্ন হোৱা নিউৰ’কেমিকেল সাংঘাটিকভাবে নিচাযুক্ত হ’ব পাৰে।

যদি আপোনাৰ ধাৰণা হৈছে যে আপোনাৰ স্বামীয়ে আপোনাতকৈ পৰ্ণগ্ৰাফীৰ পৰা পোৱা যৌন সন্তুষ্টিৰ ওপৰত অলপ বেছিকৈ নিৰ্ভৰশীল হ’বলৈ ধৰিছে, তেন্তে দুয়ো কথাটো আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ চেষ্টা কৰক। প্ৰয়োজন হ’লে দুয়ো চিকিৎসকৰ কাষ চাপক।

/ যৌন ক্ষমতাৰ বাবে আত্মবিশ্বাসৰ অভাৱ

ইৰেক্টিল ডিছফংচন, অকাল বীর্যপাত আৰু পলমকৈ বীর্যপাত হোৱাটো বহু পুৰুষৰে এটা সমস্যা। আত্মবিশ্বাস আৰু কাউন্সিলিঙৰ দ্বাৰা এই সমস্যা আঁতৰাই পেলাব পাৰিব। বিভিন্ন কাৰণত পুৰুষৰ এনে সমস্যাই দেখা দিব পাৰে। গতিকে এনে কাৰণত আত্মবিশ্বাস হেৰুৱাই হীনমান্যতাত ভুগি বহু পুৰুষে যৌন সম্পৰ্ক স্থাপন কৰিব নোখোজে। গতিকে এনে সমস্যা হ’লে আপোনাৰ সংগীক মানসিক সকাহ প্ৰদান কৰক, তেওঁক হীনমান্যতাত ভুগিবলৈ নিদিব। মৰমেৰে তেখেতৰ আত্মবিশ্বাস জগাই তুলক।

/ মেদবহুলতা

আপোনাৰ স্বামী মেদবহুল বা অত্যধিক শকত নেকি? মেদবহুলতাৰ বাবেও বহু পুৰুষে সংগমৰ ইচ্ছা হেৰুৱাই পেলায়। ২০১৮ চনত জাৰ্নেল অৱ এডুকেচন এণ্ড হেল্থ প্ৰমোচনত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে মেদবহুলতা আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ ফলত ৩১ শতাংশ পুৰুষৰ যৌন অক্ষমতা বৃদ্ধি পায়।

কিন্তু নিয়মিত যৌন সম্পৰ্ক আৰু স্বাস্থ্যসন্মত খাদ্যই মেদ কমোৱাত সহায় কৰে। আনকি নিয়মিয়া যৌন সম্ভোগৰ ফলত মধুমেহ, ৰক্তচাপ, হৃদতন্ত্ৰৰ ৰোগ আদিৰ সম্ভাৱনাও হ্ৰাস পায়। গতিকে এনে অৱস্থাত আপোনাৰ সংগীক নিয়মীয়া সম্পৰ্ক, ব্যায়াম, খাদ্যাভাসৰ পৰিবৰ্তনৰ বাবে উৎসাহিত কৰক।

/ মানসিক স্বাস্থ্য

শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্যইও যৌন ইচ্ছাক প্ৰভাৱিত কৰিব পাৰে। উদ্বেগ, হতাশা আৰু দুখে শাৰীৰিক সম্পৰ্কৰ ইচ্ছাক হ্ৰাস কৰিব পাৰে। অন্যান্য মানসিক চাপৰ লগতে শোক, ক্ষতি আৰু পৰিৱৰ্তনৰ সময় আদিয়ে যৌনতাৰ ইচ্ছাক প্ৰভাৱিত কৰিব পাৰে। আপুনি যদি আপোনাৰ সংগীৰ কম যৌন ইচ্ছাৰ প্ৰতি হতাশা বা খঙেৰে সঁহাৰি জনায়, তেতিয়া তেওঁৰ মানসিক চাপ বৃদ্ধিহে হ’ব। যদিহে আপোনাৰ প্ৰেমিক বা স্বামীয়ে যৌন ইচ্ছা দেখুওৱা নাই তেন্তে তেওঁ কিবা মানসিক সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে নেকি মন কৰক আৰু তেওঁক মানসিক হতাশাৰ পৰা ওলোৱাত সহায় কৰক।

/ অত্যধিক সুৰাপান, অত্যধিক চিগাৰেট সেৱন

ক্লিনিকেল চেক্স’লজিষ্ট ডাঃ ক্ৰীষ্টি অভাৰষ্ট্ৰীটে কয় যে মদ্যপান আৰু ড্ৰাগছ সেৱনেও পুৰুষৰ কামনা হ্ৰাস কৰিব পাৰে। কাৰণ মদক স্নায়ুতন্ত্ৰৰ “ডিপ্ৰেছন” বুলি গণ্য কৰা হয়, যিয়ে যৌন ইচ্ছাকে ধৰি শৰীৰৰ সকলো ধৰণৰ বস্তুকে প্ৰভাৱিত কৰিব পাৰে।

অত্যধিক মদ্যপান বা ড্ৰাগছ সেৱন কৰিলে ইৰেকচন হোৱাত অসুবিধাৰ সৃষ্টি হ’ব পাৰে। গতিকে আপনাৰ স্বামীয়ে যাতে অত্যধিক মদ্যপান নকৰে, তাৰ ওপৰত গুৰুত্ব দিয়ক।

/ এচেক্সুৱেলিটি

এচেক্সুলিটিৰ অৰ্থৎ হৈছে এজন ব্যক্তিয়ে কামনা বাসনা অনুভৱ নকৰা অৱস্থা। এনে অৱস্থা নাৰী পুৰুষ উভয়ৰে ক্ষেত্ৰত হ’ব পাৰে। কাউন্সিলিঙৰ জৰিয়তে ইয়াক নিৰ্মূল কৰাৰ সম্ভাৱনা আছে। ইয়ো এটা স্বাভাৱিক যৌনাকাংক্ষাৰ ভিতৰতে পৰে।

১০/ বিবাহ বৰ্হিভূত সম্পৰ্ক

যদিহে আপোনাৰ স্বামীৰ জীৱনলৈ আন কোনো নাৰীৰ প্ৰৱেশ ঘটিছে আৰু সেই নাৰীৰ লগত আপোনাৰ পুৰুষগৰাকী শাৰীৰিক আৰু মানসিকভাবে সাংঘাটিক সুখী তেতিয়াও আপোনাৰ স্বামীয়ে আপোনাৰ সমুখত যৌন ইচ্ছা প্ৰকাশ বা অনুভৱ নকৰিব পাৰে। এই সমস্যাৰ সমাধান আপোনাৰ নিজৰ হাতত।

১১/ আকৰ্ষণৰ অভাৱ আৰু একঘেয়ামীতা

ইয়ো পুৰুষৰ যৌন ইচ্ছা কমি অহাৰ আন এক কাৰণ। লছ এঞ্জেলছৰ কনচিয়াৰ্জ মেডিচিনৰ চিকিৎসক ৰাফেল দাৰভিছৰ মতে, আপোনাৰ প্ৰেমিক বা স্বামীৰ যৌনতাৰ প্ৰতি অনাগ্ৰহ হ’ব পাৰে কাৰণ আপুনি তেওঁক পৰ্যাপ্ত পৰিমাণে দৈনন্দিন মৰম দেখুৱাব নোৱাৰে। আপোনাৰ উন্নাসিকতাৰ বাবেই হয়তো আপোনাৰ স্বামীৰ শৰীৰত কামনাৰ জুইকুৰা জ্বলি উঠা নাই। গতিকে আপুনি তেখেতক অলপ বেছিকৈ মৰম দিয়ক। কামুকৰ দৰে জঁপিয়াই পৰক। উত্তেজনাময় ক্ৰিয়া কৰক, উত্তেজনাপূৰ্ণ কথা পাতক। সাজি কাঁচি ধুনীয়াকৈ থাকক। উত্তেজক কাপোৰ পৰিধান কৰক।

লগতে একেঘেয়ামী যৌন সম্পৰ্কৰ ফলতো যৌনতাৰ আনন্দ কমি অহা দেখা যায়। সেয়ে সদায় নতুন নতুন ধৰণেৰে, নতুন নতুন সৃষ্টিশীলতাৰে সম্ভোগ স্থাপন কৰক। সম্ভোগৰ আগত পাতলকৈ সুৰা গ্ৰহণ কৰিব পাৰে। ঘৰৰ শোৱা কোঠাৰ সলনি মাজে সময়ে অন্য কোঠা বা ক’ৰবাত ফুৰিবলৈ গৈ যৌন সম্পৰ্ক স্থাপন কৰক।