NORTHEAST NOW (Assamese)

আলফা স্বাধীনৰ শিৱিৰত নাই ৰেৱতী ফুকন : চোৰাংচোৱা সংস্থাৰ অপপ্ৰচাৰ আখ্যা সংগঠনটোৰ

November 19, 2018 3:32 pm · এন ই নাও নিউজ

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বাল্যবন্ধু, প্ৰসিদ্ধ ফুটবলাৰ তথা অধুনালুপ্ত পিচিজিৰ সদস্য ৰেৱতী ফুকন আলফা স্বাধীনৰ খালী হৈ থকা সাধাৰণ সম্পাদক পদত যোগদান কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিক এক ভুৱা প্ৰচাৰ আখ্যা দিছে আলফা স্বাধীনে।

উল্লেখযোগ্য যে চোৰাংচোৱাৰ সংস্থাৰ উদ্ধৃতি দি আলফা স্বাধীনৰ খালী হৈ থকা সাধাৰণ সম্পাদক পদত ৰেৱতী ফুকনে যোগদান কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ প্ৰেছ বিবৃতি।

এই সন্দৰ্ভত আলফা স্বাধীনে সংবাদ মাধ্যমলৈ আজি এক বিবৃতি প্ৰেৰণ কৰিছে। আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে প্ৰেৰণ কৰা বিবৃতিটোত উক্ত বাতৰিক ভুৱা প্ৰচাৰ বুলি উল্লেখ কৰি আলফা স্বাধীনৰ সাধাৰণ সম্পাদক পদত কাকো নিযুক্তি দিয়া হোৱা নাই বুলি স্পষ্ট কৰি দিছে।

আনহাতে, ‘’টি আৰ পি সন্ধানী একাংশ তথাকথিত সাংবাদিকে ভাৰতীয় চোৰাংচোৱাৰ নিৰ্দেশত’’ এনে অপপ্ৰচাৰত নমা বুলি অভিযোগ কৰিছে আলফা স্বাধীনে। তদুপৰি, ভাৰতীয় চোৰাংচোৱা সংস্থাই একাংশ ‘ফুকলীয়া’ সাংবাদিকক ব্যৱহাৰ কৰা বুলিও বিবৃতিটোত উল্লেখ কৰিছে।

বিবৃতিটোৰ জৰিয়তে আলফা স্বাধীনে এনে বাতৰি প্ৰচাৰ কৰা সাংবাদিকসকলক ৰেৱতী ফুকনৰ পৰিয়াল তথা অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ আহ্বান জনাইছে।

Related News