NORTHEAST NOW (Assamese)

পৰাজয়ৰ ভয়ে কঁপাইছে নেকি ৫৬ ইঞ্চিৰ বুকু! নিৰ্বাচনৰ আগে আগে নঙঠা ফকীৰৰ চৰণেই আশ্ৰয় প্ৰধানমন্ত্ৰীৰ?

November 5, 2023 7:45 pm · এন ই নাও নিউজ, গুৱাহাটী

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে চত্তীশগড় ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে তেওঁ ৰাজ্যখনৰ ডুংগৰগড় অঞ্চললৈ যায়। এই চহৰখন তীৰ্থস্থান হিচাপে অতি জনপ্ৰিয়।

এই তীৰ্থভূমিতেই মোডীয়ে জৈন সাধু আচাৰ্য বিদ্যাসাগৰ মহাৰাজক লগ পায়। জৈন সাধুক লগ পোৱাৰ পিছত আশীৰ্বাদ গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। 

এই ছবি নিজৰ এক্স হেণ্ডেলত প্ৰচাৰ কৰিছে নৰেন্দ্ৰ মোদীয়ে। জৈন সাধু বিদ্যাসাগৰ মহাৰাজক লগ পোৱাৰ পিছত মোডীয়ে বামলেশ্বৰী মন্দিৰলৈ যায়। ডুংগৰগড়ৰ পাহাৰত অৱস্থিত এই মন্দিৰতো মোদীয়ে পূজা আগবঢ়ায়।

আনহাতে, দেওবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰে। শুকুৰবাৰে পুৱা বিশেষ চাৰ্টাৰ্ড বিমানেৰে দিল্লীৰ পৰা জলী গ্ৰাণ্ট বিমানবন্দৰত উপস্থিত হয় ৰাহুল। তাৰ পৰা হেলিকপ্টাৰেৰে কেদাৰনাথ মন্দিৰলৈ যায় ৰাহুল গান্ধী।

Related News