NORTHEAST NOW (Assamese)
অসম

মাত্ৰ দহ দিন পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হায়েনাই সাবটিলে মৃত্যুক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 6, 2018 12:40 pm
Hyena at Zoo

যোৱা ২৫ নৱেম্বৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ ৰাঁচীৰ ভগৱান বিৰচা প্ৰাণী উদ্যানৰ পৰা অনা হৈছিল এটা হায়েনা আৰু দুটাকৈ অষ্ট্ৰিক পক্ষী। কিন্তু দুৰ্ভাগ্যবশতঃ ১ ডিচেম্বৰত শাৰীৰিকভাৱে যথেষ্ট অসুস্থ হায়েনাটোৱে মৃত্যুৰ সৈতে যুঁজি অৱশেষত আজি পুৱতি নিশা প্ৰায় ৩ বজাত মৃত্যুক আঁকোৱালি লয়।

চিৰিয়াখানাৰ বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীয়ে ‘নৰ্থ-ইষ্ট নাও’ক জানিবলৈ দিয়া মতে যোৱা শনিবাৰে দুপৰীয়াভাগত হায়েনাটো অসুস্থ হৈ পৰা বুলি জানিব পাৰি চিৰিয়াখানা কৰ্তৃপক্ষই চিৰিয়াখানাৰ চিকিৎসালয়তে চিকিৎসা কৰিবলৈ লৈ আনে যদিও চাৰিদিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত হায়েনাটোৱে নিয়তিৰ ওচৰত হাৰ মানে।

জানিব পৰা মতে হায়েনাটোক অসম ৰাজ্যিক পক্ষু চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।

আনহাতে, কি ৰোগত আক্ৰান্ত হৈ পশুটোৱে মৃত্যুক সাবটি ল’লে চিৰিয়াখানা কতৃপক্ষৰ ওচৰত তাৰ সঠিক উত্তৰ নাই। এই সম্পৰ্কত মৰিস্বামীৰ সৈতে যোগাযোগ কৰাত তেওঁ ‘নৰ্থ-ইষ্ট নাও’ক কয়, ‘বহু দূৰ যাত্ৰা কৰি অহাৰ লগতে অন্য ঠাইত থকাৰ কাৰণে হায়েনাটো অসুস্থ হৈ পৰিছিল। অৱশেষত আজি সি মৃত্যুমুখত পৰে।’

প্ৰণিধানযোগ্য যে, দীৰ্ঘদিন ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত জন্তুৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাৰ লগতে জন্তুবিলাকৰ শাৰীৰিক অৱস্থা উন্নত নহয় বুলিও অভিযোগ উঠি আহিছে।

চলিত বৰ্ষৰ আগষ্ট মাহত চিৰিয়াখানাখনত কেনাই ডিচটেম্পাৰ ভাইৰাছৰ সংক্ৰমণৰ ফলত ৮ টাকৈ শিয়ালৰ মৃত্যুৰ ঘটনাই এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰিছিল।