NORTHEAST NOW (Assamese)

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am · এন ই নাও নিউজ, গুৱাহাটী

এবছৰ আগতে এখন ঘৰৰ পৰা প্ৰায় ১০ লাখ টকাৰ আ-অলংকাৰ চুৰি হৈছিল। বহু বিচাৰ-খোঁচাৰ পিছতো কোনো শুংসূত্ৰ পোৱা হোৱা নাছিল। অৱশেষত এটা ইনষ্টাগ্ৰাম ৰীলে এই চুৰি কাৰ্যৰ ৰহস্য ফাদিল কৰিলে। চুৰি কৰা আ-অলংকাৰ পিন্ধি ভিডিঅবনাই ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল অভিযুক্ত বনকৰা মহিলাগৰাকীয়ে। সেই সূত্ৰৰ আধাৰতে উত্তৰাখণ্ড আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

ঘটনাটো ডেৰাডুনৰ। আৰক্ষীয়ে জনোৱা মতে, নীতিশা বৎস নামৰ এগৰাকী মহিলাই শেহতীয়াকৈ ৰাজপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। তেওঁ জনায় যে প্ৰায় এবছৰ আগতে জাখানৰ ভগীৰথীপুৰম অঞ্চলত থকাৰ সময়ত তেওঁৰ ঘৰৰ পৰা দুটা হীৰা লগোৱা আঙঠি, এডাল সোণৰ চেইন, হীৰা লগোৱা হাৰ্ট পেনডেণ্ট, এডাল ডাইমণ্ডৰ নেকলেচ আৰু সোণৰ লকেটসহ একাধিক মূল্যবান আ-অলংকাৰ অন্তৰ্ধান হৈছিল।

প্ৰথমৰে পৰাই তেওঁৰ ঘৰৰ বনকৰা মহিলা বিমলা দেৱীৰ ওপৰত সন্দেহ আছিল। কিন্তু সোধা-পোছাৰ সময়ত বিমলাই সকলো অভিযোগ অস্বীকাৰ কৰে। আনকি নিজেই থানালৈ গৈ অভিযোগ দিবলৈ মান্তি হোৱাত নীতিশাই ভাবিছিল যে হয়তো আ-অলংকাৰখিনি কৰবাত হেৰাই গৈছে বা আন কোনোবাই চুৰি কৰিছে।

যোৱা ২৯ জুনত ঘটনাই লয় অন্য মোৰ। নীতিশাৰ চিনাকি এজন ব্যক্তিয়ে বিমলা দেৱীৰ ইনষ্টাগ্ৰাম ৰীল আৰু হোৱাটছএপ ষ্টেটাছ দেখা পায়। তাত বিমলাক এনে কিছুমান আ-অলংকাৰ পিন্ধি থকা দেখা গৈছিল, যিবোৰ হুবহু নীতিশাৰ হেৰোৱা আ-অলংকাৰৰ সৈতে একেই। ভিডিঅআৰু ছবি দেখি নীতিশাইও আ-অলংকাৰখিনি নিজৰ বুলি চিনাক্ত কৰে।

ইয়াৰ পিছত থানাত নতুনকৈ এখন অভিযোগ দাখিল কৰা হয়। যোৱা ১ জুলাইত ৰাজপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু শুক্ৰবাৰে ডেৰাডুনৰ জোহৰি ৰোড অঞ্চলৰ পৰা বিমলা দেৱীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ দাবী অনুসৰি, অভিযুক্তৰ পৰা ডাইমণ্ডৰ নেকলেচ, সোণৰ লকেট, দুটা সোণৰ আঙঠি, এটা সোণৰ পেনডেণ্ট আৰু এটা মবাইল ফোন উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ মুঠ মূল্য প্ৰায় ১০ লাখ টকা।

আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত বিমলা দেৱীয়ে চুৰিৰ কথা স্বীকাৰ কৰিছে। উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ বাসিন্দা বিমলা ডেৰাডুনৰ জাখানত আছিল আৰু নীতিশাৰ ঘৰত বনকৰা মহিলা হিচাপে কাম কৰিছিল। তদন্তকাৰীৰ আগত তেওঁ জনায় যে ঘৰত কাম কৰি থকাৰ সময়ত তেওঁ লকাৰত দামী আ-অলংকাৰবোৰ ৰখা দেখিছিল। প্ৰায় এবছৰ আগতে সুযোগ বুজি তাৰ পৰাই সেইখিনি চুৰি কৰিছিল। বৰ্তমান সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত আছে।

Related News