NORTHEAST NOW (Assamese)
Popular Stories

বিকিনি, চুম্বন, উত্তাল নৃত্যৰ ৰীল! দিল্লী মেট্ৰ’ত সংঘটিত ঘটনাৰ বাবে ১৬০০ যাত্ৰীৰ বিৰুদ্ধে গোচৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 26, 2024 7:05 pm

কেতিয়াবা বিকিনি পিন্ধি চিটত এগৰাকী যাত্ৰী বহি আছে, কেতিয়াবা মেট্ৰ’ত কোনো দম্পতীয়ে চু্ম্বন কৰি মদ্যপান কৰি আছে, কোনোবাই উত্তাল হৈ নাচিছে। এনে কৃতিত্বৰ বাবে দিল্লী মেট্ৰ’ই প্ৰায়ে শিৰোনাম দখল কৰে। ৰাজধানীৰ মেট্ৰ’ৰ ভিডিঅ’ মুহূৰ্ততে ভাইৰেল হৈ পৰে। এতিয়া সেই সকলোবোৰ ঘটনাক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিবলৈ আহিছে মেট্ৰ’ কৰ্তৃপক্ষ।

যোৱা এপ্ৰিলৰ পৰা জুন মাহলৈকে ১৬০০ যাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী মেট্ৰ’ কৰ্তৃপক্ষই। মেট্ৰ’ এলেকাত ৰীল বনোৱা, আৱৰ্জনা পেলোৱাকে ধৰি সংশ্লিষ্ট যাত্ৰীসকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছে। দিল্লী মেট্ৰ’ ৰে’ল নিগমৰ সূত্ৰ অনুসৰি বিগত বছৰৰ তুলনাত মেট্ৰ’ত এনেধৰণৰ ঘটনা তিনি শতাংশ বৃদ্ধি পাইছে।

মেট্ৰ’ কৰ্তৃপক্ষৰ মতে, বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পাছতো যাত্ৰীসকলে সচেতনতা ঘূৰাই পোৱা নাই। এই আচৰণৰ বাবে যোৱা বছৰো কেইবাজনো যাত্ৰীক জৰিমনা বিহা হৈছিল। কিন্তু এই সকলোবোৰৰ মাজতো এনে ঘটনা নিয়ন্ত্রণ কৰিব পৰা নাযায়৷ দিল্লী মেট্ৰ’ৰ এগৰাকী বিষয়াই কয় যে এনেধৰণৰ ঘটনা ৰোধৰ বাবে কৰ্তৃপক্ষই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। যদি শাস্তিটোৱে কাম নকৰে তেন্তে ভৱিষ্যতে শাস্তিৰ পৰিমাণ বৃদ্ধি পাব। মেট্ৰ’ ৰেলৰ তথ্য অনুসৰি ইতিমধ্যে ১৬৪৭ জন লোকক জৰিমনা বিহা হৈছে।

অভিযুক্ত যাত্ৰীসকলক চিচিটিভিৰ জৰিয়তে চিনাক্ত কৰা হৈছে। অৱশ্যে প্ৰতিদিনে দিল্লী মেট্ৰ’ত ৬৭ লাখ লোকে যাত্ৰা কৰে। ইমানবোৰ লোকক পৰ্যবেক্ষণত ৰখাৰ বাবেই চিন্তিত হৈ পৰিছে ৰাজধানীৰ মেট্ৰ’ বিষয়াসকল। অৱশ্যে হাৰ নমনাকৈ দিল্লী মেট্ৰ’ কৰ্তৃপক্ষই কয় যে আগন্তুক দিনত এই সন্দৰ্ভত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।