NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাক লৈ ভালকৈয়ে এখন খেল খেলি আছে : হিমন্তক কটাক্ষ ৰিপুন বৰাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 15, 2020 2:49 pm
ripun

‘অকণমানেই নহয়, ক’ৰ’নাৰ নামত ভালকৈয়ে খেল খেলিছে। ক’ৰ’নাৰ নামত তেওঁলোকে এখন ভালকৈয়ে খেল খেলিছে।‘ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

দেশৰ ৭৪ তম স্বাধীনতা দিৱস উপলক্ষে কংগ্ৰেছৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা পতাকা উত্তোলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ক’ৰ’নাক লৈ সাংবাদিকে সোধা এক প্ৰশ্নত বিজেপি চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় ৰিপুন বৰাই।

তেওঁ আৰু কয় ‘মানুহৰ মাজত আতংকৰ সৃষ্টি কৰি মানুহক ভীতিগ্ৰস্ত কৰিছে যাতে মানুহ বিদ্ৰোহ কৰিবলৈ ওলাই নাহে।বিজেপিৰ অপশাসন, প্ৰতিশ্ৰুতিৰ প্ৰতাৰণাৰ বিৰুদ্ধে মানুহ ৰাজপথলৈ ওলাই আহিব নোৱাৰে সেইকাৰণেই মানুহক ক’ৰ’নাক লৈ ভীতিগ্ৰস্ত কৰিব বিচাৰিছে।‘

ইপিনে, মুখ্য মন্ত্ৰীৰ আসনক লৈ বিজেপিত ইতিমধ্যে দুটা ভাগত বিভক্ত হৈ খোৱা-কামোৰা আৰম্ভ হোৱা বুলি দাবী কৰে ৰিপুন বৰাই।

‘দিনৰ পোহৰৰ দৰে পৰিস্কাৰ হৈ পৰিছে যে এতিয়াই নহয় আৰম্ভণিৰে পৰা মুখ্য মন্ত্ৰীক লৈ দুজনৰ মাজত যুঁজ চলি আছে। মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাতে গোটেই ৰাজ্যৰ প্ৰশাসন আৰু উন্নয়ন ক্ষতিগ্ৰস্ত কৰিছে।‘ ৰিপুন বৰাই এইদৰে কয়।

তাৰ এক উদাহৰণ দি বৰাই কয় ‘মুখ্য মন্ত্ৰীয়ে আগদিনা ক’লে যে আমি বিশেষজ্ঞ কমিটিয়ে যিধৰণে প্ৰতিবেদন দিছে সেই ধৰণে ৰূপায়ণ কৰিম। তাৰ পাছদিনাই মুখ্য মন্ত্ৰীৰ কথাক প্ৰত্যাহ্বান জনাই স্বাস্থ্য মন্ত্ৰীয়ে বিশেষজ্ঞ কমিটিখনকে উপুলুঙা কৰি পেলালে।‘

‘বিজেপিত দেখ দেখকৈ মুখ্য মন্ত্ৰী কেন্দ্ৰিক বিভাজন পৰিস্কাৰ হৈ পৰিছে।‘ বৰাই এইদৰে কয়।

ইপিনে, হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হ’বলৈ আগ্ৰহী হোৱাটো অপৰাধ নহয় বুলি সদৰী কৰি তেওঁ লগতে কয় ‘মুখ্য মন্ত্ৰী হোৱাৰ সপোন দেখিছে আমি বেয়া নাপাওঁ। তেওঁৰ সপোন দেখাৰ অধিকাৰ আছে আৰু তেওঁ হ’বও পাৰে। কিন্তু নিৰ্দিষ্ট নিয়মৰ মাজৰে হওঁক। কিন্তু ৰাইজক পনবন্দী কৰি যিধৰণে মুখ্য মন্ত্ৰী যুঁজত অৱতীৰ্ণ হৈছে ৰাজ্যৰ জনসাধাৰণ আৰু প্ৰশাসনৰ ক্ষতি হৈছে।‘