NORTHEAST NOW (Assamese)
অসম

ভেকচিনৰ নামত অনিয়ম, পদত্যাগ কৰিলে ৰাছিয়াৰ চিকিৎসকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2020 2:14 pm
rus

যিটো সময়ত ক’ৰ’ণা আইৰাছৰ ভেকচিন আবিষ্কাৰ কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ বিজ্ঞানীয়ে ৰাতিক দিন কৰি কাম কৰি আছে সেই সময়তে ৰাছিয়াই ক’ৰ’ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰা বুলি কৰা দাবীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তালিকাত নথকাৰ পিছতো ৰাছিয়াই হঠাতে স্পুটনিক-ভি নামৰ ভেকচিন আবিষ্কাৰ কৰা বুলি কৰা দাবীয়ে এতিয়া বহুতৰে মনত সন্দেহৰ সৃষ্টি কৰিছে।

আমেৰিকাকে ধৰি বিশ্বৰ কেইবাখনো দেশে ৰাছিয়াই উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে ভেকচিন আবিষ্কাৰ কৰাৰ দাবী কৰা বুলি অভিযোগ কৰিছে।

এনে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনত অস্বস্তিত পেলাই দেশখনৰ স্বাস্থ্য দপ্তৰৰ পৰা পদত্যাগ কৰিছে স্বাস্থ্য বিভাগৰ এথিকছ্ কমিটিৰ মুৰব্বী ডাঃ আলেকজেণ্ডাৰ চুচালিনে।

চুচালিনে এই বুলি অভিযোগ কৰিছে যে স্বা্স্থ্য  বিভাগৰ কেইবাজনো চিকিৎসা বিশেষজ্ঞই কোভিডৰ ভেকচিনৰ সকলো প্ৰকাৰৰ পৰীক্ষা সম্পন্ন নকৰা কৈয়ে ভেকচিন বিধ বজাৰত উলিয়াই দিব বিচাৰিছে।

এয়া মানুহৰ স্বাস্থ্যৰ বাবে বিপজ্জনক কথা বুলি তেওঁ মন্তব্য কৰে।

তেওঁ কয় যে ভেকচিনৰ ক্ষেত্ৰত সংঘটিত এনে অনিয়মৰ বাবেই তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছে।

উল্লেখ্য অক্টোৱৰ মাহৰ পৰা ৰাছিয়াই স্পুুটনিক-ভিৰ বাণিজ্যক উৎপাদন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।