NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচন আয়ুক্ত নিযুক্তি আইন স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2024 4:23 pm
election commissioner Supreme Court

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন ২০২৩ৰ ওপৰত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। শীৰ্ষ আদালতে লগতে বৃ্হস্পতিবাৰে নিযুক্তি পোৱা দুই নিৰ্বাচন আয়ুক্তৰ কোনো ধৰণৰ ৰায় দিবলৈ অস্বীকাৰ কৰে।

ন্যায়াধীশ সঞ্জীৱ খান্না, দিপাংকৰ দত্ত আৰু অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে অন্তৱৰ্তীকালীন আদেশৰ সহায়ত আইন প্ৰণয়ন স্থগিত ৰাখিব নোৱাৰি বুলি উল্লেখ কৰে। অৱশ্যে বিচাৰপীঠে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ দায়িত্বত থকা বাছনি পেনেলৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দিয়াৰ সন্দৰ্ভত আবেদনত প্ৰকাশ কৰা উদ্বেগক স্বীকাৰ কৰে।

শীৰ্ষ আদালতে এই উদ্বেগ কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। ইতিপূৰ্বে গত জানুৱাৰীত শীৰ্ষ আদালতে নতুন আইনখনত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল যদিও আদালতে আবেদনৰ এটা গোট পৰীক্ষা কৰিবলৈ সন্মত প্ৰকাশ কৰি কেন্দ্ৰলৈ জাননী জাৰি কৰিছিল।

ইফালে, নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে শেহতীয়াকৈ পদত্যাগ কৰাৰ পিছত আবেদনকাৰীসকলে উচ্চতম ন্যায়ালয়ৰ সন্মুখত আবেদনৰ জৰুৰী শুনানিৰ বাবে অনুৰোধ কৰে। নিৰ্বাচন আয়োগৰ খালী পদ  পূৰণৰ বাবে নতুন আইনখন ব্যৱহাৰ কৰিব নালাগে বুলিও আবেদনকাৰীয়ে যুক্তি আগবঢ়ায়।

ইয়াৰ পিছতো বাছনি পেনেলে বৃহস্পতিবাৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰক নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে। তথাপিও উচ্চতম ন্যায়ালয়ে এই আইনখন স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰি ২১ মাৰ্চত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে সময় নিৰ্ধাৰণ কৰে।