NORTHEAST NOW (Assamese)
দেশ

ভাৰতীয় নৌসেনাৰ প্ৰাক্তন মুৰব্বী, মানৱ অধিকাৰ কৰ্মী এডমিৰেল লক্ষ্মীনাৰায়ণ ৰামদাসৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2024 6:22 pm
Admiral Laxminarayan Ramdas

ভাৰতীয় নৌসেনাৰ প্ৰাক্তন মুৰব্বী এডমিৰেল লক্ষ্মীনাৰায়ণ ৰামদাসৰ আজি মৃত্যু হৈছিল। বয়সজনিত ৰোগৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯০ বছৰ।

এক টুইট যোগে ভাৰতীয় নৌসেনাই তেওঁৰ মৃত্যুৰ খবৰ সদৰী কৰি শোক প্ৰকাশ কৰে। লক্ষ্মীনাৰায়ণ ৰামদাসে ১৫ বছৰ বয়সত ডেৰাডুনত ভাৰতীয় নৌসেনাৰ জইণ্ট চাৰ্ভিচেছ উইং (জে এছ ডব্লিউ)ৰ ১ম পাঠ্যক্ৰমত যোগদান কৰিছিল।

১৯৫৩ চনৰ ১ ছেপ্টেম্বৰত তেওঁ ভাৰতীয় নৌসেনাত নিযুক্তি লাভ কৰিছিল আৰু গ্ৰীণউইচৰ ৰয়েল নেভাল কলেজত যোগাযোগ বিশেষজ্ঞ হিচাপে প্ৰশিক্ষণ লাভ কৰে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত বীৰত্বপূৰ্ণ ভূমিকাৰ বাবে তেওঁ পৰিচিত হৈ পৰিছিল।

ভাৰত-পাকিস্তান যুদ্ধত এডমিৰেল ৰামদাসে আই এন এছ বিয়াছৰ কমাণ্ডাৰ হিচাপে মুখ্য ভূমিকা পালন কৰিছিল। এই অভিযানত পাকিস্তানে ৯৩ হাজাৰ সৈনিকক উদ্ধাৰ কৰাত বাধাগ্ৰস্ত হয় আৰু ভাৰতীয় পক্ষই অবৈধ সামগ্ৰী সৰবৰাহ কৰা জাহাজ বন্দী কৰে।

শত্ৰুপক্ষৰ জলসীমাত অসাধাৰণ নেতৃত্ব আৰু বীৰত্বৰ বাবে লক্ষ্মীনাৰায়ণ ৰামদাসক দেশৰ তৃতীয় সৰ্বোচ্চ বীৰত্বৰ বঁটা বীৰ চক্ৰ সন্মানিত কৰা হৈছিল। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈকে তেওঁ নৌসেনাৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অৱসৰ লোৱাৰ পিছত ৰামদাসে আলিবাগত বাসস্থান ল’লে। তাৰ পিছত তেওঁ পত্নীৰ সৈতে মিলি বিভিন্ন বাওঁ-উদাৰবাদী কামত আাত্মনিয়োগ কৰে। পত্নী ললিতাৰ সৈতে জৈৱ বৈচিত্ৰৰ বিকাশৰ বাবে কাম কৰাৰ লগতে জৈৱিক কৃষি চৰ্চা কৰিছিল।

লগতে এই সময়ছোৱাত বিভিন্ন জনসেৱাৰ কামত নিজকে জড়িত কৰিছিল ৰামদাসে। ভাৰত-পাকিস্তানৰ মাজত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে কেইবাটাও সংস্থাৰ সৈতে তেওঁ জড়িত হৈ নান প্ৰচেষ্টা হাতত লয়। সমান্তৰালভাৱে পাৰমাণৱিক শক্তি বিৰোধী আন্দোলনতো জড়িত হৈ পৰে ৰামদাস।  

ভাৰতীয় সংবিধানে দিয়া স্বাধীনতা, সমতা, ভ্ৰাতৃত্ববোধ আৰু ধৰ্মনিৰপেক্ষতাৰ মূল্যবোধৰ বাবে সক্ৰিয়ভাৱে মাত মাতি তেওঁ এক সবল কণ্ঠস্বৰ হৈ পৰিছিল। লিংগ সমতা, মাছমৰীয়াৰ অধিকাৰ, কৃষকৰ অধিকাৰ, ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘুৰ অধিকাৰ ইত্যাদি ক্ষেত্ৰত তেওঁ প্ৰবলভাৱে সোচ্চাৰ হৈ পৰে।

ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মাজত ধৰ্মনিৰপেক্ষতা বজাই ৰখা আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি থকা দায়বদ্ধতাক লৈ তেওঁ বিশেষভাৱে চিন্তিত আছিল আৰু সশস্ত্ৰ বাহিনীক ভাৰতৰ সংবিধানৰ শপত সোঁৱৰাই দি বিশেষ চৰ্চালৈ আহিছিল।

তেওঁ নিৰ্ভয়ে প্ৰান্তীয় আৰু সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে হোৱা অন্যায়ৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰি উচ্চতম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰ লগতে সাম্প্ৰদায়িকতা আৰু মেৰুকৰণক গৰিহণা দি গণতন্ত্ৰ আৰু ভাৰতৰ ধৰ্মনিৰপেক্ষতাক ৰক্ষা কৰিবলৈ আহ্বান জনায়।

তামিলনাডুত কুডানকুলাম পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপনৰ বিৰোধিতা কৰিছিল ৰামদাস আৰু তেওঁৰ পত্নীয়ে। সেনাৰ পৰা অৱসৰৰ পিছতে এগৰাকী শান্তি কৰ্মী তথা মানৱ অধিকাৰ কৰ্মী হিচাপে আত্মপ্ৰকাশ কৰা লক্ষ্মীনাৰায়ণ ৰামদাসক ২০০৪ চনত ৰেমন মেগছেছে বঁটাৰে সন্মানিত কৰা হৈছিল।