প্ৰেম প্ৰস্তাৱ নাকচ কৰাই হ’ল কাল, হত্যাৰ বলি হ’ল নাবালিকা ছাত্ৰী!
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাই কাল হ’ল এগৰাকী স্কুলীয়া ছাত্ৰীৰ। প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে নিৰ্মমভাবে এজন যুৱকে হত্যা কৰিলে নাবালিকা ছাত্ৰীগৰাকীক।
মহালয়াৰ আগনিশা ঘৰৰ সমীপৰ এটা পুখুৰীৰ পাৰত উদ্ধাৰ হৈছিল নাবালিকাগৰাকীৰ নিথৰ মৃতদেহ। পিতৃৃয়ে আঘাতপ্ৰাপ্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল কন্যাৰ মৃতদেহ।
পশ্চিমবংগৰ পূৱ বুৰ্ডৱানৰ জামালপুৰ থানাৰ আজহাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমুলা গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
তথ্য লাভ কৰাৰ পিছতে জামালপুৰ আৰক্ষীয়ে স্থানত উপস্থিত হয়। আৰক্ষীয়ে নাবালিকাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বুৰ্ডৱান মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
আৰক্ষীৰ তথ্য অনুসৰি মৃত ছাত্ৰীগৰাকীৰ নাম বৰ্ণালী দাস।
নাবালিকাগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে অঞ্চলটোৰ অৰিত্ৰ মণ্ডল ওৰফে বিট্টু নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
পিতৃয়ে অভিযোগ কৰে যে বিট্টু নামৰ যুৱকজনে কিছুদিন পূৰ্বে কন্যাক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু সেই প্ৰস্তাৱ নাকচ কৰিছিল নাবালিকাগৰাকীয়ে। তাৰ বাবেই বিট্টুৱে নাবালিকাগৰাকীক ৰাজপথলৈ ওলাই যোৱাৰ সময়ত ভাবুকি দিছিল বুলিও অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, বিট্টুৱে নাবালিকা ছোৱালীজনীক ৰাজপথত অকলে পাই শ্বাসৰুদ্ধ কৰি হত্যা কৰে। বিট্টুক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।